ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকত ২০০০ টকীয়া নোট জমা কৰাৰ সময়সীমা সামান্য বৃদ্ধি কৰিছে। পূৰ্বে ঘোষণা কৰা অনুসৰি ২০০ টকীয়া নোট জমা দিয়াৰ শেষ তাৰিখ আছিল ৩০ ছেপ্টেম্বৰ। আৰ বি আইয়ে জনোৱা মতে, নোট জমা কৰাৰ অন্তিম দিনটো আৰু এসপ্তাহ বৃদ্ধি কৰা হৈছে। অৰ্থাৎ ২০০০ টকীয়া নোট বেংকত জমা দিয়াৰ শেষ দিনটো হ’ল ৭ অক্টোবৰ। কাৰোবাৰ ওচৰত ২০০০ টকীয়া নোট থাকিলে এই সময়সীমাৰ ভিতৰত জমা দিব লাগে। ইয়াৰ পিছত ২০০ টকীয়া নোটবোৰ অসাৰ হৈ পৰিব।
১৯ মে’ত আৰ বি আইয়ে এক বিবৃতিত উল্লেখ কৰিছিল যে ২০০০ টকীয়া নোট বজাৰৰ পৰা প্ৰত্যাহাৰ কৰা হ’ব । ৩০ ছেপ্টেম্বৰৰ পিছত আৰু বৈধ নহ’ব এই নোট। পৰিসংখ্যা অনুসৰি তাৰ পিছৰ পৰা ২৯ ছেপ্টেম্বৰলৈকে ৩ লাখ ৪২ হাজাৰ কোটি টকাৰ নোট বেংকত জমা হৈছে। কিন্তু এতিয়াও যথেষ্টখিন জমা হ’বলৈ বাকী আছে।
এতিয়াও কমেও ১৪ হাজাৰ কোটিৰ ২০০০ টকীয়া নোট বজাৰত বিয়পি আছে। গ্ৰাহকে ৭ অক্টোবৰৰ ভিতৰত বেংকত জমা কৰিব লাগিব নোট। আৰ বি আইয়ে জনোৱা মতে, অহা ৮ অক্টোবৰৰ পৰা কোনো বেংকত ২০০ টকীয়া নোট গ্ৰহণ কৰা নহ’ব।
৭ অক্টোবৰৰ পাছতো যদি কাৰোবাৰ হাতত ২০০০ টকীয়া নোট থাকে? তেন্তে কি কৰিব লাগে সেই প্ৰকাশ কৰিছে আৰ বি আইয়ে। তেনে ক্ষেত্ৰত গ্ৰাহকে ২০০০ টকীয়া নোট লৈ পোনপটীয়াকৈ কেন্দ্ৰীয় বেংকৰ কাৰ্যালয়লৈ যাব লগা হয়। ১৯টা এনে কাৰ্যালয় আছে। তাত এটা সময়ত ২০ হাজাৰতকৈ অধিক টকা জমা কৰিব নোৱাৰিব ৷ নোট ডাকযোগে আৰ বি আইৰ কাৰ্যালয়লৈও প্ৰেৰণ কৰিব পাৰিব। এই ধন সংশ্লিষ্ট গ্ৰাহকৰ বেংক একাউণ্টত জমা হ’ব। কিন্তু এই নোটটো আৰু কোনো ধৰণৰ বিনিময়ৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব। ২০১৬ চনৰ নৱেম্বৰ মাহত প্ৰথমবাৰৰ বাবে ২০০ টকীয়া নোট প্ৰৱৰ্তন কৰা হৈছিল।