এছিয়ান গেমছত পুনৰ আন এক বৃহৎ সাফল্য লাভ কৰিলে অসম কন্যা লাভলিনা বৰগোঁহাইয়ে ৷ মহিলা বক্সিঙৰ ৭৫ কিলোগ্ৰাম শাখাত ফাইনেলত প্ৰৱেশ কৰিছে লভলিনাই ৷ ইয়াৰ লগে লগে এছিয়ান গেমছত তেওঁ সোণ বা ৰূপৰ পদক পোৱাটো নিশ্চিত কৰিলে ৷ তদুপৰি তেওঁ পেৰিছ অলিম্পিকলৈ যোগ্যতা অর্জন কৰাটো নিশ্চিত হ’ল ৷ কিয়নো এছিয়ান গেমছত সোণ অথবা ৰূপৰ পদক লাভ কৰা বক্সাৰে পোনে পোনে পেৰিছ অলিম্পিকত যোগদান কৰাৰ সুযোগ লাভ কৰে ৷
টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলিনাই চতুৰতাৰে এছিয়ান চেম্পিয়নশ্বিপৰ ৰূপৰ পদক বিজয়ী থাইলেণ্ডৰ বেইছন মানিকনৰ বিৰুদ্ধে সৰ্বসন্মতি সিদ্ধান্তৰে জয়লাভ কৰে ৷ ৫-০ পইণ্টেৰে বাউট জয় কৰে লাভলিনাই ৷