আজি অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰাৰ বিৰুদ্ধে সৰৱ হৈ পৰে মন্ত্ৰী পীযুষ হাজৰিকা ৷ অসম জাতীয় পৰিষদে পাতবেঙৰ দৰে জপিয়াই জপিয়াই এই যাত্ৰা কৰা বুলি সমালোচনা কৰে মন্ত্ৰী গৰাকীয়ে ৷ সংবাদমাধ্যমৰ সন্মুখত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী হাজৰিকাই কয় –“যেনেদৰে পাতবেঙে জপিয়াই ফুৰে, সেইদৰেই অসম জাতীয় পৰিষদে যাত্ৰা কৰিছে ৷ গোসাইগাঁৱৰ পৰা শিৱসাগৰত ১০ দিনতে উপস্থিত হ’ল ৷ তেওঁলোকৰ এই কার্যসূচীক সভা বুলি ক’ব পাৰি, কিন্তু যাত্ৰা বুলি ক’ব নোৱাৰে ৷তেওঁলোকে ২০০-২৫০ মানুহেৰে কেইবাখনো সভা কৰিছে ৷ মই হাজোত দেখিছিলো ৰেলী কৰা, তাৰ পাছত পোনে পোনে মৰিগাওঁত দেখিছো ৷ গুৱাহাটীতো কৰা নাই , জাগীৰোডতো কৰা নাই ৷ তেওঁলোকে জপিয়াই জপিয়াই এনেদৰে যাত্ৰা কৰিছে ৷ ইয়াৰ পৰা আমাৰ কোনো লোকচান নহয় ৷ “
উল্লেখ্য যে নৱগঠিত আঞ্চলিক দল অসম জাতীয় পৰিষদে ৰাজ্যজুৰি উলিয়াইছে ৰেলী ৷ শদিয়াৰ পৰা ধুবুৰীলৈ এই এক অসম যাত্ৰাৰে সামৰি লোৱা হ’ব ৷ ইতিমধ্যে বিভিন্ন স্থান ভ্ৰমণ কৰি দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈৰ নেতৃত্বত এক অসম যাত্ৰা উপস্থিত হৈছে শিৱসাগৰত ৷ আজি শিৱসাগৰৰ বিভিন্ন স্থানত ইয়াৰ কার্যসূচী অনুষ্ঠিত হ’ব ৷