অ’লা উবেৰক ফেৰ মাৰিব পৰাকৈ অসমত আৰম্ভ হোৱা পে-ইণ্ডিয়া কেবৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে অসমৰ প্ৰথম অলিম্পিক পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোঁহাই।
বুধ বাৰে হোটেল তাজ ভিভান্টাত অনুষ্ঠিত হোৱা এই উদ্বোধনী অনুষ্ঠানত ফ্লেগ অফ কৰিলে বক্সাৰ গৰাকীয়ে।অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰি দেশৰ লগতে অসমত ইতিহাস সৃষ্টি কৰা খেলুৱৈ গৰাকীয়ে এতিয়া স্ব-গৃ্হত সময় অতিবাহিত কৰাৰ লগতে ৰাজ্যৰ বিভিন্ন অনুষ্ঠানত অংশ গ্ৰহণ কৰিছে।
পে-ইণ্ডিয়া কেবৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি অসমৰ থলুৱা যুৱক সকলে আৰম্ভ কৰিব খোজা এই প্ৰচেষ্টাক শলাগ লয় খেলুৱৈ গৰাকীয়ে। ইয়াৰোপৰি এই অনুষ্ঠানতে বক্সিংৰ ক্ষেত্ৰখনক আগবঢ়াই নিয়াত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা অসমৰ কেইবাজনো বৰেণ্য ব্যক্তিকো সম্বৰ্ধনা জনাই পে-ইণ্ডিয়া কেবে।
ইয়াৰভিতৰত অসম বক্সিং সংন্থাৰ সভাপতি কালিকান্ত বড়ো,সম্পাদক হেমন্ত কুমাৰ কলিতা,প্ৰশিক্ষক অমৰ ডেকা আৰু গীতা চানু আছিল অন্যতম।লগতে এই প্ৰতিষ্ঠানটোৱে অসম গৌৰৱ লাভলীনা বৰগোঁহাইক সম্বৰ্ধনা জনাই ২ লাখ টকাৰ চেক প্ৰদান কৰে।
উল্লেখ যোগ্য যে পদক জয় কৰি ঘৰত সময় অতিবাহিত কৰা লাভলীনাই অহা ৪ ছেপ্তেম্বৰত পুনৰ প্ৰশিক্ষণৰ বাবে ৰাওনা হ’ব।