অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া বিশ্বকাপৰ প্ৰথমখন মেচতে দুর্দান্ত প্ৰদর্শনেৰে সকলোৰে মন মুহি পেলালে বিৰাট কোহলিয়ে ৷ চেন্নাইত অষ্ট্ৰেলিয়াই প্ৰথম বেটিং কৰি ১৯৯ ৰান সংগ্ৰহ কৰে। ভাৰতে ২ ৰানত ৩ উইকেট হেৰুৱাইছিল। দলটোৰ আশা হৈ পৰিল বিৰাট। দলটোক ৰক্ষা কৰাৰ উপৰিও তেওঁ আন এক অভিলেখ গঢ়িবলৈ সক্ষম হয় ৷
আইচিচিৰ প্ৰতিযোগিতাত এজন ভাৰতীয়ৰ সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ পূর্বে ৰচনা কৰিছিল শচীন তেণ্ডুলকাৰে । দেওবাৰে সেই অভিলেখ ভংগ কৰিলে বিৰাটে। আইচিচি প্ৰতিযোগিতাত শচীনে ৫৮ ইনিংছত ২৭১৯ ৰান সংগ্ৰহ কৰে। দেওবাৰে ৬৪ সংখ্যক ইনিংছ খেলে বিৰাটে। এই ইনিংছত তেওঁ শচীনৰ ৰেকর্ড ভংগ কৰে । শচীন আৰু বিৰাটৰ বাহিৰেও আইচিচি প্ৰতিযোগিতাত ২০০০ ৰানৰ সীমা অতিক্ৰম কৰা একমাত্ৰ ভাৰতীয় ক্ৰিকেটাৰ হৈছে ৰোহিত শৰ্মা।
দেওবাৰে বিৰাটে অনিল কুম্বলেৰ অভিলেখো ভংগ কৰে। অষ্ট্ৰেলিয়াই বেটিং কৰি থকাৰ সময়তে স্লিপত কেচ ধৰে বিৰাটে। এদিনীয়া বিশ্বকাপত সৰ্বাধিক কেচ লোৱাৰ অভিলেখ গঢ়িছিল অনিল কুম্বলেই ৷ অনিল কুম্বলেক অতিক্ৰম কৰিলে কোহলিয়ে ৷
এদিনীয়া বিশ্বকাপত সৰ্বাধিক ১৪টা কেচ ধৰিছিল অনিল কুম্বলেই । বিৰাটে ১৫ সংখ্যক কেচ ধৰি এই অভিলেখ ভংগ কৰে । এই প্ৰতিযোগিতাত এজন ভাৰতীয়ৰ সৰ্বাধিক কেচ লোৱাৰ অভিলেখৰ গৰাকী হয় বিৰাট । অৱশ্যে সকলো দেশৰ ভিতৰতে শীৰ্ষত আছে ৰিকি পণ্টিং। অষ্ট্ৰেলিয়াৰ বিশ্বকাপ বিজয়ী অধিনায়কগৰাকীয়ে ২৮টা কেচ ধৰি অভিলেখ ৰচনা কৰিছে । ইংলেণ্ডৰ জো ৰুটে এইবাৰ বিশ্বকাপত শীৰ্ষস্থান দখল কৰাৰ সুযোগ লাভ কৰিছে। এদিনীয়া মেচত তেওঁ এতিয়ালৈকে ২০টা কেচ লৈছে। এই তালিকাত পাঁচ নম্বৰ স্থানত আছে বিৰাট। দেওবাৰৰ খেলখনলৈকে বিৰাটে এদিনীয়া বিশ্বকাপত ১৬টা কেচ ধৰিবলৈ সক্ষম হৈছে ৷