একেৰাহে দুখন ছবি ‘জৱান’ আৰু ‘পথান’ৰ সফলতাৰ পিছতে বলীউডৰ ‘কিং’ শ্বাহৰুখ খানক মৃত্যুৰ ভাবুকি দিয়া হৈছে। অভিনেতাগৰাকীৰ নিৰাপত্তা সন্দৰ্ভত অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে। এতিয়াৰ পৰা শ্বাহৰুখে লাভ কৰিব ‘ৱাই প্লাছ’ শ্ৰেণীৰ নিৰাপত্তা।
শ্বাহৰুখৰ চলিত বৰ্ষত একেৰাহে দুখন ছবি মুক্তি লাভ কৰে। বক্স অফিচত বিলিয়ন ক্লাবত প্ৰৱেশ কৰিছে ‘জৱান’ আৰু ‘পাঠান’ ছবি দুখনে। সেই সফলতাৰ বাবে শ্বাহৰুখ খানৰ প্ৰতি ভাবুকি আহিছে নেকি বুলিও প্ৰশ্ন উত্থাপিত হৈছে ৷
সূত্ৰৰ পৰা জানিব পৰা মতে, ‘পাঠান’ ছবিখনৰ প্ৰচাৰৰ পিছৰে পৰা অভিনেতাগৰাকীয়ে বিভিন্ন স্থানৰ পৰা মৃত্যুৰ ভাবুকি লাভ কৰি আহিছিল। আনকি ছ’চিয়েল মিডিয়াতো তেওঁক ভয় দেখুওৱা হৈছিল ৷ নিৰাপত্তাজনিত কাৰণত শ্বাহৰুখ খানক ‘ৱাই প্লাছ’ শিতানৰ নিৰাপত্তা প্ৰদান কৰা হৈছে ৷
‘ৱাই প্লাছ’ শ্ৰেণী লাভ কৰিলে সেই সুৰক্ষা ব্যৱস্থাত অধিক গুৰুত্ব দিয়া হয়। এই শ্ৰেণীৰ নিৰাপত্তাৰ ওপৰত ভিত্তি কৰি শ্বাহৰুখৰ লগত সকলো সময়তে ছয়জন সশস্ত্ৰ আৰক্ষী কমাণ্ডো তেওঁৰ নিৰাপত্তাৰক্ষী হিচাপে থাকিব। সূত্ৰ অনুসৰি এই ছয়জন লোকক মহাৰাষ্ট্ৰ আৰক্ষীৰ ‘বিশেষ সুৰক্ষা ইউনিট’ৰ পৰা নিৰ্বাচিত কৰা হ’ব। ছয়জন কমাণ্ডোসহ মুঠ ১১জন নিৰাপত্তাৰক্ষী শ্বাহৰুখৰ লগত যাব। লগতে এখন বিশেষ পৰিবহণ বাহনৰ ব্যৱস্থা কৰা হ’ব।
শ্বাহৰুখৰ বাংলো ‘মন্নত’ৰ সন্মুখত ২৪ ঘণ্টাই নিৰাপত্তাৰ বাবে মোতায়েন কৰা হ’ব ৪ জন আৰক্ষী জোৱান। জনা গৈছে যে তেওঁলোকৰ লগত এ কে-৪৭ ৰাইফল, গ্লক পিষ্টল আৰু এম পি ৫ মেচিনগান থাকিব।
শ্বাহৰুখৰ লগতে বলীউডৰ অভিনেতা ছলমান খানক ‘ৱাই প্লাছ’ শিতানৰ নিৰাপত্তাও প্ৰদান কৰা হৈছে। ইয়াৰ উপৰিও অমিতাভ বচ্চন, আমিৰ খান, অক্ষয় কুমাৰ আৰু অনুপম খেৰৰ দৰে তাৰকাক আগুৰি থাকে ‘এক্স’ শিতানৰ নিৰাপত্তা ব্যৱস্থাই । এই শ্ৰেণী অনুযায়ী তিনিজন নিৰাপত্তাৰক্ষী ২৪ ঘণ্টাই অভিনেতাসকলৰ লগত থাকে।