দিল্লীৰ অমৃত উদ্যান নির্মাণৰ বাবে মাটি সংগ্ৰহ কৰিবলৈ ৰাজ্যত আৰম্ভ কৰা হৈছে অমৃত কলহ যাত্ৰা ৷ ইতিমধ্যে ঠায়ে ঠায়ে আৰম্ভ হৈছে অমৃত কলহ যাত্ৰা ৷ য’ত অংশ লৈছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ৷ কিন্তু অমৃত কলহ যাত্ৰাত কংগ্ৰেছৰ একাংশ বিধায়ক আৰু সদস্যই অংশগ্ৰহণ কৰাক লৈ সঋষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷
একপ্ৰকাৰ অমৃত কলহ যাত্ৰাই কংগ্ৰেছত গৃহকন্দলৰ সৃষ্টি কৰিছে ৷ অমৃত কলহ যাত্ৰাত অংশ লৈ নিলম্বিত হ’বলগীয়া হ’ল দুই কংগ্ৰেছ নেতা ৷ মাটিয়া ব্লক কংগ্ৰেছৰ সভাপতি আইনুল হক চৌধুৰী আৰু গোৱালপাৰা মহিলা কংগ্ৰেছৰ সভানেত্ৰী আফ্ৰুজা বেগমক নিলম্বন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ৷ দুয়োজনে অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ কৰিছিল ৷
নিলম্বনৰ নির্দেশনাত মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাভাৱে ছোনিয়াগান্ধীৰ বাসগৃহ ১০ জনপথ জ্বলাই দিয়া,ৰাহুল গান্ধীৰ ডিএনএক লৈ প্ৰশ্ন কৰা আদি প্ৰসংগও উল্লেখ কৰা হৈছে ৷ ইয়াৰ পাছতো অমৃত কলহ যাত্ৰাত অংশ লৈ দুই নেতাই কংগ্ৰেছ দলৰ বৃহৎ ক্ষতি কৰাৰ লগতে দলৰ লক্ষাধিক কর্মীক অসন্তুষ্ট কৰিছে বুলিও উল্লেখ কৰা হৈছে ৷