ডেংগুত আক্ৰান্ত ভাৰতীয় ক্ৰিকেটাৰ শুভমন গীলক সোমবাৰে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । মঙলবাৰে তেওঁক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হয়। অৱশ্যে এতিয়াও তেওঁ অসুস্থ। শনিবাৰে পাকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া মেচত এতিয়াও অনিশ্চিত শুভমন ৷ তেওঁ নেখেলা সম্ভাৱনাই বেছি। ব’ৰ্ডৰ চিকিৎসকে তেওঁৰ স্বাস্থ্য নিৰীক্ষণ কৰি আছে ৷
ভাৰতীয় দলৰ অ’পেনাৰগৰাকীয়ে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন খেলত খেলা নাছিল। তেওঁক দিল্লীলৈ লৈ যোৱা হোৱা নাছিল। সোমবাৰে শুভমনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। দলটোৱে দিল্লীলৈ উৰা মাৰিলে যদিও তেওঁ যোৱা নাছিল ৷চেন্নাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল শুভমনক। ডেংগু ৰোগত আক্ৰান্ত শুভমনৰ প্লেটলেট হ্ৰাস পোৱাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
সংবাদ সংস্থা পিটিআইৰ সূত্ৰই জনোৱা মতে, মঙলবাৰে শুভমনক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হয়। চেন্নাইৰ হোটেললৈ উভতি আহিছে শুভমন । ব’ৰ্ডৰ ডাক্তৰসকলো তেওঁৰ লগত আছে।
বুধবাৰে আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ দ্বিতীয়খন খেল। শুভমনে সেই মেচত খেলিব নোৱাৰিব। শনিবাৰে পাকিস্তানৰ বিৰুদ্ধে তেওঁৰ খেলখনো অনিশ্চিত। আহমেদাবাদ শুবভমনৰ অন্যতম প্ৰিয় খেলপথাৰ। এই ক্ষেত্ৰত তেওঁ আই পি এলত গুজৰাট টাইটানছৰ হৈ খেলিছিল। শুভমনে বিশ্বকাপত সেই খেলপথাৰত পাকিস্তানৰ বিৰুদ্ধে খেলাৰ সুযোগ পাইছিল। কিন্তু অসুস্থতাৰ বাবে তেওঁৰ সেই মেচখন খেলাটো প্ৰায় অসম্ভৱ।
শুভমনে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব নোৱাৰাৰ বাবেৰোহিত শৰ্মাৰ সৈতে ঈশান কিষানে মেচৰ আৰম্ভণি কৰে। কিন্তু তেওঁ কোনো ৰান কৰিব পৰা নাছিল। আফগানিস্তানৰ খেলখনত ঈশানে আৰু এটা সুযোগ লাভ কৰিব। অৱশ্যে ভাৰতীয় দলটোৱে বিচাৰিব শুভমন সোনকালে সুস্থ হৈ দললৈ ঘূৰি আহক।