বিশ্বৰ আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত স্বর্ণ জয় কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনিছে বর্ণিল আকাশ চাংমাইয়ে ৷ চীনৰ চাংডুত যোৱা ১৭ অক্টোবৰৰ পৰা ২২ অক্টোবৰলৈ অনুষ্ঠিত এছিয়া বেডমিণ্টন প্ৰতিযোগিতাত ১৫ বছৰ অনুর্ধৰ শাখাত জয়ী হয় শিৱসাগৰৰ সন্তান বর্ণিলে ৷ তেওঁ ফাইনেল মেচত চীনৰ শক্তিশালী প্ৰতিদ্বন্দী ফান হং চুৱানক ২১-১৯ আৰু ২১-১৩ ছেটত পোনপটীয়া গেমত পৰাজিত কৰে ৷
শিৱসাগৰ চহৰৰ অ’এনজিচিৰ কেন্দ্ৰীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ বর্ণিলৰ মুখ্য প্ৰশিক্ষক হৈছে কবিৰ বৰা ঢ তেওঁৰ সহ প্ৰশিক্ষক হৈছে মৌচুম বৰগোঁহাই, উনীল কুমাৰ, ললিত শর্মা,চানু বৰুৱা, লিটুল ৰাজখোৱা আৰু পার্থ দত্ত ৷ টুর্ণামেণ্ট জয় কৰাৰ পাছত মঙলবাৰে স্বগৃহত উপস্থিত হয় বর্ণিল ৷ তেওঁক কৃষ্ণ নগৰ বাসভৱনত বিভিন্ন দল সংগঠনে উষ্ম অভিনন্দন জ্ঞাপন কৰে ৷ লগতে তেওঁৰ পিতৃ-মাতৃ ভূপেন চাংমাই আৰু আকাশজ্যোতি ফুকনক অভিনন্দন জ্ঞাপন কৰে ৷
আনহাতে, সম্বর্ধনা গ্ৰহণ কৰি বর্ণিলে পৰৱর্তী প্ৰতিযোগিতাসমূহৰ বাবে অধিক কঠোৰ অনুশীলন কৰিব বুলি প্ৰকাশ কৰে ৷ ইতিমধ্যে তেওঁ বহুকেইখন আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত তেওঁ পদক লাভ কৰিছে ৷