আঘাতপ্ৰাপ্ত হাৰ্দিকপাণ্ডিয়াই আৰু কেইবাখনো মেচ খেলিব নোৱাৰিব । প্ৰথমতে কোৱা হৈছিল যে ভাৰতীয় অলৰাউণ্ডাৰগৰাকীয়ে লক্ষ্ণৌত দলত যোগদান কৰিব। কিন্তু তেওঁৰ আঘাত ভাল নহ’ল। খবৰ অনুসৰি তেওঁ আৰু দুখন মেচ খেলিব নোৱাৰিব। ইডেন মেচত হাৰ্ডিক দললৈ ঘূৰি আহিব পাৰে।
বিশ্বকাপত বাংলাদেশৰ বিৰুদ্ধে ফিল্ডিঙৰ সময়ত আঘাতপ্ৰাপ্ত হয় হাৰ্দিক পাণ্ডিয়া। ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীলৈ তেওঁক লৈ যোৱা হয়। ভাৰতৰ পৰৱৰ্তী মেচ হ’ব ইংলেণ্ডৰ বিৰুদ্ধে। সেই মেচ লক্ষ্ণৌত হ’ব। বৃহস্পতিবাৰে মুম্বাইত শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতে খেলিব। এই দুখন মেচত খেলিব নোৱাৰিব হাৰ্দিকে।
৫ নৱেম্বৰত ইডেনত ভাৰতৰ খেল। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে সেই মেচত হাৰ্ডিকে দললৈ ঘূৰি আহিব পাৰে। তেওঁ এতিয়াও নেচনেল একাডেমীত খেলিবলৈ আৰম্ভ কৰা নাই। সুস্থ হোৱাৰ পিছত দলত যোগদান কৰিব তেওঁ ।
হাৰ্দিকক লৈ খৰখেদা কৰিবলৈ ইচ্ছুক নহয় ভাৰতীয় দল। সম্পূৰ্ণ সুস্থ হোৱাৰ পিছতহে তেওঁক খেলিবলৈ অনুমতি দিয়া হ’ব । একেৰাহে পাঁচখন খেলত জয়লাভ কৰাৰ পিছত আত্মবিশ্বাসী হৈ পৰিছে দল। ৰোহিত শৰ্মাৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ কৰাত বিশেষ অসুবিধা নহয়। গতিকে ভাৰতে হাৰ্দিকৰ বাবে ছেমি ফাইনেলৰ দৰে ডাঙৰ মেচলৈ অপেক্ষা কৰিবলৈ ইচ্ছুক।
যোৱা বৃহস্পতিবাৰে বাংলাদেশৰ বিৰুদ্ধে নৱম অভাৰত বলিং কৰাৰ সময়ত আঘাতপ্ৰাপ্ত হৈছিল হাৰ্দিক।