গোৱাত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়াত সুখ্যাতি অর্জন কৰিছে অসমৰ এগৰাকী যুৱ ভাৰত্তোলকে ৷ ভাৰত্তোলনৰ ৫৯ কিলোগ্ৰাম শাখাত সোণৰ পদক লাভ কৰিছে অসম কন্যা পপী হাজৰিকাই ৷
উল্লেখ্য যে ২৫ অক্টোবৰৰ পৰা গোৱাত অনুষ্ঠিত হৈছে ৩৭ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া (নেচনেল গেমছ)। য’ত অংশগ্ৰহণ কৰিছে ভাৰতৰ ২৮ খনৰ ৰাজ্যৰ ১০ সহস্ৰাধিক খেলুৱৈয়ে।অহা ৯ নৱেম্বৰত এই ক্ৰীড়া মহোৎৱৰ অন্ত পৰিব।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমৰ জৰিয়তে পপী হাজৰিকাক অভিনন্দন জ্ঞাপন কৰে ৷ পপীৰ সাফল্যত অসমবাসী গৌৰৱান্বিত বুলিও তেওঁ প্ৰকাশ কৰে