পুনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ বিৰুদ্ধে সক্ৰিয় হৈ পৰিছে বলবৎকাৰী সঞ্চালকালয় চমুকৈ ইডি । কৰ্ণাটকৰ পিছত এইবাৰ ৰাজস্থানত সক্ৰিয় হৈছে ইডি । বৃহস্পতিবাৰে কেন্দ্ৰীয় সংস্থাটোৰ বিষয়াসকলে ৰাজস্থান প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা বিধায়ক গোবিন্দ সিং দোতাছৰা আৰু দলৰ শীৰ্ষ নেতা ওমপ্ৰকাশ হুডলাৰ বাসগৃহত তালাচী চলায় ৷ আনহাতে, মুখ্যমন্ত্ৰী অশোক গেহলতৰ পুত্ৰ কংগ্ৰেছৰ প্ৰাক্তন সাংসদ বৈভৱ গেহলতক জেৰাৰ বাবে ইডিয়ে চমন জাৰি কৰিছে ৷
ইডিৰ সূত্ৰৰ উদ্ধৃতি দি সংবাদ সংস্থা পিটিআইয়ে প্ৰকাশ কৰা অনুসৰি দুটা পুৰণি গোচৰৰ ভিত্তি কৰি ইডিয়ে এই অভিযান চলাইছে ৷ চৰকাৰী নিযুক্তি পৰীক্ষাত প্রশ্নকাকত ফাদিল হোৱাৰ সন্দর্ভত অবৈধ আর্থিক লেনদেনৰ সন্ধানত গোবিন্দ আৰু ওমপ্রকাশৰ বাসগৃহত তালাচী চলোৱা হয়৷ আনহাতে, বৈদেশিক মুদ্ৰা নিয়ন্ত্ৰণ আইন (ফেমা) উলংঘা কৰাৰ অভিযোগত মুখ্যমন্ত্ৰীৰ পুত্ৰক জেৰাৰ বাবে চমন কৰা হৈছে। অৱশ্যে বিজেপিৰ ৰাজনৈতিক প্ৰতিশোধ বুলি চর্চা আৰম্ভ হৈছে ৷
২০২০ চনত জয়পুৰৰ দুজন লোকে গেহলত-পুত্ৰৰ বিৰুদ্ধে মৰিচাছৰ শ্বিবনাৰ হোল্ডিংছ নামৰ কোম্পানী এটাৰ জৰিয়তে অবৈধভাৱে ধন সৰবৰাহ কৰাৰ অভিযোগ উত্থাপন কৰিছিল। তেওঁলোকে অভিযোগ কৰে যে ২০১১ চনত বৈভৱে উক্ত কোম্পানীটোৰ জৰিয়তে বেনামীভাৱে ট্ৰাইটন হোটেলৰ ২৫০০ শ্বেয়াৰ ক্ৰয় কৰিছিল। সেই অভিযোগৰ ভিত্তিত বিজেপিৰ সাংসদ কিৰোৰিলাল মীনাই গেহলত-পুত্ৰৰ বিৰুদ্ধে তদন্তৰ বাবে ইডিৰ কাষ চাপিছিল। তিনি বছৰৰ পাছত বিধানসভা নিৰ্বাচনৰ সন্মুখত ইডি তদন্তত সক্ৰিয় হৈ পৰে।
আনহাতে, বিগত বৰ্ষৰ ডিচেম্বৰ মাহত ৰাজস্থান লোকসেৱা আয়োগৰ শিক্ষক নিযুক্তি পৰীক্ষাত প্ৰশ্নকাকত ফাদিল হোৱাক লৈ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ পূৰ্বে এই গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল পি এছ চিৰ দুজন সদস্য বাবুলাল কটাৰা আৰু অনিল কুমাৰ মীনাক। ইডিয়ে জনোৱা মতে, সেই তদন্তৰ ভিত্তিত জয়পুৰ, ছিকাৰ আৰু মহুৱাৰ গোবিন্দ আৰু ওমপ্ৰকাশৰ বাসগৃহত অভিযান চলি আছে। প্ৰসংগক্ৰমে সেই দুই কংগ্ৰেছ নেতা এইবাৰৰ বিধানসভা নিৰ্বাচনত প্ৰাৰ্থী ৷
নৰেন্দ্ৰ মোডীৰ ৯ বছৰীয়া প্ৰধানমন্ত্ৰী পদৰ সময়ছোৱাত কেন্দ্ৰীয় সংস্থাসমূহৰ বিৰুদ্ধে বাৰে বাৰে পক্ষপাতদুষ্ট আচৰণৰ অভিযোগ উত্থাপন হৈ আহিছে। যোৱা মে’ মাহত কৰ্ণাটকত বিধানসভা নিৰ্বাচনৰ কিছুদিন পূৰ্বে ইডিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰলৈ অবৈধ বিত্তীয় লেনদেনৰ গোচৰত জাননী প্ৰেৰণ কৰিছিল। ২৫ নৱেম্বৰত ৰাজস্থানত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে বিজেপিৰ প্ৰচণ্ড প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ নেতাৰ বিৰুদ্ধে ইডিৰ অভিযানক লৈ প্ৰশ্ন উত্থাপন হৈছে ৷
গেহলতৰ ভাতৃক সাৰ দুৰ্নীতিৰ গোচৰত চলিত মাহত ইডিয়ে জেৰা কৰিছিল। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় – “ৰাজস্থানত কংগ্ৰেছ চৰকাৰে মহিলাৰ বাবে নতুন আঁচনি আৰম্ভ কৰিলে। ইয়াৰ পিছতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গোবিন্দ সিঙৰ দোটাছাৰা ঘৰত ইডিৰ অভিযান। মোৰ ল’ৰা বৈভৱক ইডিৰ আগত হাজিৰ হ’বলৈ মাতিছে। বুজা যায় যে কংগ্ৰেছে আগবঢ়োৱা আঁচনিৰ দ্বাৰা ৰাজস্থানৰ মহিলা, কৃষক আৰু দৰিদ্ৰ লোকসকলে লাভৱান হোৱাটো বিজেপিয়ে নিবিচাৰে।”