প্ৰতীক্ষাৰ অন্ত পেলায় ছবি গৃহত আজি মুক্তি পালে নতুন অসমীয়া ছবি ‘ৰাঘৱ’। দেশৰ প্ৰায় ২০০ টা ছবি গৃহত মুক্তি লাভ কৰিছে যতীন বৰাৰ নৱতম ছবি ৰাঘৱে ।মুক্তিৰ পূৰ্বে বৃহস্পতিবাৰে মহানগৰীৰ চিটি চেন্টাৰৰ পি ভি আৰ ছবিগৃহত ছবিখনৰ প্ৰিমিয়াৰ অনুষ্ঠিত হয় ৷ যতীন বৰাৰ প্ৰযোজনাত জে বি প্ৰডাকচনৰ বেনাৰত নির্মাণ কৰা হৈছে ছবিখন। প্ৰিমিয়াৰ দৰ্শনী উপভোগ কৰে কণ্ঠশিল্পী জুবিন গাৰ্গসহ ভুকেইগৰাকে বিশিষ্ট অভিনেতা-অভিনেত্ৰীয়ে ৷জুবিন গার্গে ছবিখন চাবলৈ দৰ্শকক অনুৰোধ জনাইছে। মৃদুলা বৰুৱাকে ধৰি সকলো অভিনেতা-অভিনেত্ৰী অভিনয়ৰ প্ৰশংসা কৰিছে জুবিনে।
ছবিখনৰ সফলতাৰ বাবে প্ৰচাৰত বিশেষ গুৰুত্ব দিছিল যতীন বৰাই ৷ বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানৰ লগতে মহানগৰীত কালি কাৰ ৰেলীৰে প্ৰচাৰ চলাইছিল যতীন বৰাই ৷ অৱশ্য়ে যতীন বৰাৰ পূৰ্বৰ ছবি ‘ৰত্নাকাৰ’ৰ দৰে সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱা নাই নৱতম ছবিখনে । গুৱাহাটীৰ প্ৰায়ভাগ ছবিগৃহতে পুৱাৰ দর্শনীসমূহৰ আসন খালী হৈ ৰ’ল ।
সন্ধিয়াৰ ভাগৰ দর্শনীসমূহৰ প্ৰায় সংখ্যক টিকট ইতিমধ্যে বুক হৈছে। অনুৰাধা, ডোনা প্লেনেট আদিতো প্ৰায়ভাগ টিকট বুকিং হৈছে। প্ৰথম দিনাৰ দৰ্শনীত ভাল সঁহাৰি নাপালেও আয়োজকসকলে আশা কৰিছে পৰৱৰ্তী সময়ত ৰাঘৱ চাবলৈ দৰ্শক ছবিগৃহলৈ আহিব ৷