এছিয়ান গেমছৰ দৰে পেৰা এছিয়ান গেমছতো ভাৰতে ইতিহাস ৰচনা কৰিছে ৷ পদকৰ তালিকাত সকলো নজিৰ ভংগ কৰি নতুন ইতিহাস ৰচনা কৰিছে ৷ প্রতিযোগিতাৰ প্রথম চাৰিদিনত ভাৰতৰ পদকৰ সংখ্যা হৈছে ৮২টা ৷ এয়া বর্তমানলৈ লাভ কৰা সর্বাধিক পদক ৷ ৷ ২০১৮ চনত ইণ্ডোনেছিয়াত অনুষ্ঠিত হোৱা পেৰা এছিয়াডত ভাৰতে ৭২টা পদক লাভ কৰিছিল। সেই অভিলেখ চীনত ভংগ হৈছিল। তিনিদিনত ভাৰতে ৬৪টা পদক লাভ কৰে। অৰ্থাৎ বৃহস্পতিবাৰে ভাৰতে ১৮টা পদক লাভ কৰে। তাৰে তিনিটা সোণ।
ভাৰতৰ ৮২টা পদকৰ ভিতৰত ১৮টা স্বৰ্ণ, ২৩টা ৰূপ আৰু ৪১টা ব্ৰঞ্জৰ পদক। যদিও পদকৰ সংখ্যা বৃদ্ধি পাইছে, তথাপিও পদকৰ তালিকাত দুখোজ তললৈ নামিছে ভাৰতে। অধিক সোণৰ পদক লাভ নকৰা বাবে ভাৰতৰ স্থান অৱনমিত হৈছে । বুধবাৰলৈকে ভাৰত ষষ্ঠ স্থানত আছিল। বৃহস্পতিবাৰে অষ্টম স্থানলৈ নামি আহে।
পদক তালিকাৰ শীৰ্ষত আছে আয়োজক দেশ চীন। ১৫৭টা সোণ, ১২৮টা ৰূপ আৰু ১০৮টা ব্ৰঞ্জৰ পদক অর্থাৎ মুঠ ৩৯৩টা পদক লাভ কৰে৷ দ্বিতীয় স্থানত আছে ইৰাণ। তেওঁলোকৰ পদকৰ সংখ্যা ৯৬ (৩২ টা সোণ, ৩৬ ৰূপ আৰু ২৮ ব্ৰঞ্জ)। তৃতীয় স্থানত আছে জাপান। ১০৪টা পদক (৩০টা স্বৰ্ণ, ৩৩টা ৰূপ আৰু ৪১টা ব্ৰঞ্জৰ পদক) লাভ কৰে। দক্ষিণ কোৰিয়া চতুৰ্থ স্থানত আছে। তেওঁলোকৰ পদকৰ সংখ্যা ৬৮ (২০ সোণ, ২১ ৰূপ আৰু ২৭ ব্ৰঞ্জ)। পঞ্চম স্থানত আছে উজবেকিস্তান। তেওঁলোকৰ পদকৰ সংখ্যা ৬২ (২০ সোণ, ১৯ ৰূপ আৰু ২৩ ব্ৰঞ্জ)। থাইলেণ্ডে ৭৫টা পদক (২০টা সোণ, ১৮টা ৰূপ আৰু ৩৭টা ব্ৰঞ্জ)ৰে ষষ্ঠ স্থানত আছে। সপ্তম স্থানত আছে ইণ্ডোনেছিয়া। তেওঁলোকৰ পদকৰ সংখ্যা ৬২ (১৯ সোণ, ১৭ ৰূপ আৰু ২৬ ব্ৰঞ্জ)। মুঠ পদক লাভৰ ক্ষেত্ৰত ভাৰত চতুৰ্থ স্থানত আছে যদিও স্বৰ্ণ জয়ৰ ক্ষেত্ৰত ভাৰত অষ্টম স্থানত আছে।
পেৰা এছিয়াডত এতিয়াও দুদিন বাকী আছে। দুদিনত যদি ভাৰতে ১৮টা পদক লাভ কৰে তেন্তে ই ১০০টা পদকলৈ বৃদ্ধি হ’ব। এইবাৰ এছিয়ান গেমছত ভাৰতে ১০৭টা পদক লাভ কৰে। সেই অভিলেখ ভংগ কৰিবলৈ দুদিনত ২৬টা পদক লাভ কৰিব লাগিব।