যতীন বৰাৰ নৱতম ছবি ৰাঘৱ শুকুৰবাৰে দেশৰ ভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ ২০০ৰো অধিক ছবিগৃহত মুক্তি লাভ কৰিছে ৷ ছবিখনে বক্স অফিচত সফলতা লাভ কৰিবনে নকৰে তাক লৈ সৃষ্টি হোৱা সন্দেহ এতিয়াও আঁতৰি যোৱা নাই ৷ ইয়াৰ মাজতে প্ৰথম দিনা ৰাঘৱে উপার্জন কৰা ধনৰ পৰিমাণ প্ৰকাশ কৰা হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি প্ৰথম দিনটোতে ৰাঘৱে ৩০ লাখ ৪ হেজাৰ টকা উপার্জন কৰিছে ৷ ৰবি শর্মাৰ শেহতীয়া ছবিৰ তুলনাত এই উপার্জন দুগুণ ৷ ৰবি শর্মাৰ শেহতীয়া ছবি ৰঘূপতিয়ে প্ৰথম দিনা বক্স অফিচত উপার্জন কৰিছিল প্ৰায় ১৬ লাখ টকা ৷
উল্লেখ্য যে “কা” আন্দোলনৰ সময়ত যতীন বৰাই গ্ৰহণ কৰা ভূমিকাক লৈ একাংশ লোকে ছবিখনৰ মুক্তিৰ পূর্বে ছছিয়েল মিডিয়াত সৰৱ হৈ পৰিছে ৷ বহুলোকে ৰাঘৱ বর্জন কৰিব বুলিও মুকলিকৈয়ে প্ৰকাশ কৰিছে ৷ যাৰ বাবে ছবিখনৰ বক্স অফিচত উপার্জনক লৈ সন্দেহৰ সৃষ্টি হৈছিল ৷
ইয়াৰ বিপৰীতে যতীন বৰাই এই ছবিখন এখন উন্নত মানৰ ছবি বুলি প্ৰকাশ কৰাৰ লগতে সকলোকে উপভোগ কৰিবলৈ আহ্বান জনাইছে ৷ যতীন বৰাৰ উপৰি নিশিতা গোস্বামী, প্ৰবীন অভিনেত্ৰী মৃদুলা বৰুৱাকে ধৰি বহুসংখ্যক জনপ্ৰিয় অভিনেতাই ছবিখনত অভিনয় কৰিছে ৷ বহু দর্শকে ছবিখন উপভোগ কৰি ৰাঘৱ এখন উপভোগ্য ছবি বুলি ছছিয়েল মিডিয়াত প্ৰকাশ কৰিছে ৷