ছৌদি আৰৱত অনুষ্ঠিত হ’ব ২০৩৪ চনৰ বিশ্বকাপ। শেষ মুহূৰ্তত অষ্ট্ৰেলিয়াই বিশ্বকাপ আয়োজনৰ দৌৰৰ পৰা আঁতৰি অহাৰ লগে লগে ছৌদি আৰৱৰ বিৰুদ্ধে আন কোনো প্ৰতিদ্বন্দ্বী নোহোৱা হ’ল। কেবল এই সিদ্ধান্ত আনুষ্ঠানিক হোৱালৈহে অপেক্ষা কৰা হৈছে ৷
১১ বছৰৰ পাছত বিশ্বকাপ আয়োজন কৰাৰ ইচ্ছা প্ৰকাশ কৰি চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত ছৌদি আৰবে আবেদন কৰিছিল। ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমানে ‘ভিজন ২০৩০’ নামৰ এটা প্ৰজেক্ট আৰম্ভ কৰিছে। তেওঁ বিশ্বকাপ আয়োজনৰ বাবে সকলো আন্তঃগাঁথনি সৃষ্টি কৰিব বিচাৰে। ছলমানে ইয়াৰ বাবে এখন সুকীয়া চহৰ নিৰ্মাণ কৰিব বিচাৰিছে। তেওঁ কয় যে সমগ্ৰ বিশ্বকাপ তাতেই আয়োজন কৰা হ’ব।
ব্ৰিটিছ সংবাদ মাধ্যমৰ মতে ছৌদি আৰবে বিশ্বকাপ অনুষ্ঠিত কৰিবলৈ দেশখনৰ নীতি নিয়ম কিছু শিথিল কৰিব বিচাৰিছে ৷ উদাহৰণস্বৰূপে ২০২২ চনত কাটাৰত মদ নিষিদ্ধ কৰা হৈছিল। কিন্তু চৌদি আৰৱত অনুষ্ঠিত হোৱা বিশ্বকাপৰ সময়ত অনুৰাগীক সুৰাপান কৰিবলৈ অনুমতি দিয়া হৈছিল ।
যোৱা কেইবছৰমানৰ পৰা এছিয়াৰ অন্যতম শক্তিশালী ফুটবল দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে ছৌদি আৰব। বিশ্বকাপৰ চেম্পিয়ন আৰ্জেণ্টিনাক পৰাস্ত কৰা একমাত্ৰ দল আছিল কাটাৰ। ক্রিষ্টিয়ানো ৰোনাল্ডোৰ দৰে তাৰকাই চৌদি আৰৱৰ ক্লাব আল নাছেৰৰ হৈ খেলে। পিছলৈ কৰিম বেনজেমা, নেইমাৰৰ দৰে ফুটবলাৰো সেই দেশলৈ গৈছিল। এইবাৰ তেওঁলোকে আয়োজন কৰিব বিশ্বকাপ। সেই লক্ষ্যৰ দিশে আগবাঢ়িছে ছৌদি আৰব।