অসমৰ ছবিজগতলৈ আন এক সুখবৰ ৷ মহাবীৰ লাচিত বৰফুকনৰ জীৱন ভিত্তিক এনিমেচন ছবি “লাচিত: দ্য ৱাৰিয়াৰ”-এ পুনৰ আন এক সুখ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে ৷ মুম্বাইত অনুষ্ঠিত যথাকথা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰু সাহিত্য মহোৎসৱত শ্ৰেষ্ঠ এনিমেছন চলচ্চিত্ৰৰ বঁটা লাভ কৰে চুটিছবি “লাচিত: দ্য ৱাৰিয়াৰ”-এ। অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়া পাৰ্থসাৰথি মহন্তৰ পৰিচালনা আৰু মীনা মহন্ত, ইন্দ্ৰাণী বৰুৱাৰ প্ৰযোজনাত এই চুটিছবিখন নির্মাণ কৰা হৈছে ৷ছবিখনৰ ধাৰাভাষ্যকাৰ হৈছে অমৰজ্যোতি চৌধুৰী।
ছবিখনৰ ক্ৰিয়েটিভ ডাইৰেক্টৰ অনুপম মহন্ত, ষ্টৰী বৰ্ডিং হৃষিকেশ বৰা আৰু ভিএফএক্স কৰিছে ৰাতুল দত্তই। মুম্বাই, দিল্লী, কলকাতা, জয়পুৰ, উত্তৰ-পূব চলচ্চিত্ৰ মহোৎসৱকে ধৰি এতিয়ালৈকে ৮ খন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত লাচিত দ্য ৱাৰিয়াৰ প্ৰদৰ্শিত আৰু পুৰস্কৃত হৈছে। গোৱাত অনুষ্ঠিত হ’বলগীয়া ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ভাৰতীয় পেনোৰামাত প্ৰদর্শনৰ বাবেও নিৰ্বাচিত হৈছে। ছুটি ছবিখনৰ এই সাফল্যই ৰাজ্যবাসীক আনন্দিত কৰি তুলিছে ৷