বলীউডৰ অভিনেতা ৰণদীপ হুডাৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব উত্তৰ-পূর্বাঞ্চলৰ জীয়ৰী ৷মণিপুৰৰ মডেল তথা অভিনেত্ৰী লিন লাইশ্ৰমৰ সৈতে থকা দীর্ঘদিনীয়া প্ৰেমৰ সম্পর্কক স্থায়ী ৰূপ দিব বিচাৰিছে ৰণদীপে ৷ নৱেম্বৰৰ শেষৰ ফালে লিনৰ সৈতে বিবাহপাশত ৰণদীপ আৱদ্ধ হ’ব বুলি জানিব পৰা গৈছে। ৰণদীপৰ ঘনিষ্ঠ সূত্ৰই এই কথা সদৰী কৰিছে ৷
অৱশ্যে বিয়াৰ স্থান এতিয়াও নিৰ্ণয় কৰা হোৱা নাই। জাকজমকীয়তাৰ বিপৰীতে ঘৰুৱা লোকসকলৰ উপস্থিতিত তেওঁলোকে বিবাহ কার্য সম্পাদন কৰিব ৷পৰৱর্তী সময়ত মুম্বাই বা দিল্লীত তেওঁলোকৰ আড়ম্বৰপূর্ণ বিবাহ অর্ভ্যথনা অনুষ্ঠিত হ’ব ৷
যোৱা বছৰ লিন আৰু ৰনদীপে তেওঁৰ ঘৰত দীপাৱলী উদযাপনৰ সময়ত ইনষ্টাগ্ৰামত ফটো পোষ্ট কৰি নিজৰ সম্পর্ক ৰাজহুৱা কৰিছিল। লিনৰ ঘৰ মণিপুৰত । ‘মেৰী কম’, ‘ৰেংগুন’, আৰু শেহতীয়াকৈ ‘জানে জান’ৰ দৰে চিনেমাত দেখা গৈছিল লিনক ।