লোকসভা নির্বাচনৰ পূর্বে শণিবাৰে বিজেপিৰ ৰাজ্যিক মুখ্য কার্যালয়ত এক গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হ’ব ৷ মিত্ৰ দল অগপ আৰু ইউপিপিএলৰ সৈতে আসন ভাগ বতৰাক লৈ এই বৈঠক অনুষ্ঠিত হ’ব ৷ লোকসভা নির্বাচনত কেইখন আসন মিত্ৰদলক এৰি দিয়া হ’ব সেই সন্দর্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে বৈঠক খনত ৷
বৈঠকত বিজেপিৰ শীর্ষনেতৃবৃন্দৰ লগতে অগপ আৰু ইউপিপিএলৰ শীর্ষ নেতৃবৃন্দ উপস্থিত থাকিব ৷ উল্লেখ্য যে ইতিমধ্যে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই প্ৰকাশ কৰিছে যে অগপক এখন জয় নিশ্চিত হৈ থকা আসন এৰি দিব ৷ এতিয়া কেবল এখন জয় নিশ্চিত হৈ থকা আসন এৰি দিব নে আন আসনো অগপক দিয়া হ’ব সেয়া এতিয়াও নিশ্চিত হোৱা নাই ৷ বিগত লোকসভা নির্বাচনত অগপক তিনিখন আসন এৰি দিয়া হৈছিল যদিও এখনতো জয়লাভ কৰিব পৰা নাছিল ৷
আনহাতে, ইউপিপিএলক লৈ কি স্থিতি গ্ৰহণ কৰিব সেয়াও লক্ষণীয় হ’ব ৷ কিয়নো মিত্ৰ দল নহ’লেও হাগ্ৰামা মহিলাৰীৰ বিপিএফৰ প্ৰতিও নমনীয় স্থিতি গ্ৰহণ কৰি আহিছে বিজেপি ৷ আনকি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই প্ৰকাশ কৰিছে যে তেওঁলোকে বিপিএফৰ সহায় বিচাৰিছে ৷ তেনেক্ষেত্ৰত কি সমীকৰণেৰে বড়ো ভূমিত আসন ভাগ বতৰা কৰিব সেয়াও লক্ষণীয় হ’ব ৷