পেছাত বলীউডৰ এগৰাকী অভিনেত্ৰী। অৱশ্যে যোৱা কেইবছৰমানৰ পৰা তেওঁৰ অভিনয়ৰ প্ৰতি আগ্ৰহ নাইকিয়া হৈছে দৰ্শকৰ। ২০১৫ চনৰ শেষৰ পৰা আৰম্ভ হৈছে কংগনা ৰানাৱতৰ ফ্লপৰ ধাৰা। ‘তানু ৱেডছ মনু ৰিটাৰ্ণছ’ৰ পিছত একে বছৰতে মুক্তি লাভ কৰিছিল ‘কট্টি বাট্টি’। ছবিখনে বক্স অফিচত কোনো স্থান দখল কৰিব নোৱাৰিলে। ইয়াৰ পিছত কংগনাই ‘চিমৰন’, ‘জজমেণ্টেল হায় ক্যা’, ‘পাংগা’, ‘থালাইভি’, ‘ঢকৰ’ আদি ছবিত কাম কৰিছিল। ইমানবোৰ ছবি মুক্তি পোৱাৰ পাছতো এখনো ছবি সফলতাৰ ওচৰ চাপিব পৰা নাছিল। চলিত বৰ্ষৰ ২৭ অক্টোবৰত মুক্তি লাভ কৰিছিল কংগনাৰ ‘তেজস’। এই ছবিখনক লৈ অনুৰাগীৰ আশা আছিল। ‘তেজস’ক লৈ কংগনা নিজেই আশাবাদী আছিল। কিন্তু সেয়াও ব্যর্থ হ’ল ৷ অভিনয়ত ব্যৰ্থতাৰ পিছত এইবাৰ ৰাজনীতিৰ দিশে খোজ দিছে বিতৰ্কিত তাৰকাগৰাকীয়ে। কংগনাৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাইছে হিমাচল প্ৰদেশৰ এগৰাকী কংগ্ৰেছ নেত্ৰীয়ে ৷
কংগনা সদায় দেশৰ ৰাজনীতিৰ লগত জড়িত হৈ আছে। বিশেষকৈ বিজেপি সম্পৰ্কীয় মতামতৰ বাবে অভিনেত্ৰীগৰাকীয়ে কেইবাবাৰো সমালোচনা আৰু বিতৰ্কৰ সন্মুখীন হৈছে। কিন্তু কংগনা পিছুৱাই যাবলৈ অনিচ্ছুক। কিছুদিন পূৰ্বে কংগনাই কৈছিল যে ভগৱান শ্ৰীকৃষ্ণৰ কৃপা থাকিলে ৰাজনীতিত ভৰি দিবলৈ ইচ্ছুক। কংগনাৰ এই মন্তব্যৰ পিছতে আৰম্ভ হৈছিল জল্পনা-কল্পনা। কিন্তু সঁচাকৈয়ে তেওঁ ৰাজনীতিত অভিষেক ঘটাব নেকি? কংগনা হিমাচল প্ৰদেশৰ কন্যা। সেই আধাৰত শেহতীয়াকৈ হিমাচল কংগ্ৰেছ নেত্ৰী প্ৰতিভা সিঙক কংগনাৰ ৰাজনীতিত প্ৰৱেশৰ সন্দৰ্ভত সোধাত তেওঁ কৈছিল- “যদি জয়ী হ’ব পাৰে, তেন্তে নির্বাচনত তেওঁ প্ৰতিদ্বন্দিতা কৰিব পাৰে ৷”
বৰ্তমান সকলো ৰাজনৈতিক দলে অহা বছৰৰ লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈছে। ইয়াৰ পূৰ্বে কংগনাই কেইবাবাৰো ৰাজনীতিৰ প্ৰতি উৎসাহ প্ৰকাশ কৰিছে। ২০২৪ চনত লোকসভা নিৰ্বাচনত ৰাজনীতিবিদ হিচাপে অভিষেক ঘটাবনে অভিনেত্ৰীগৰাকীয়ে? এতিয়া সেইটোৱেই জল্পনা-কল্পনা।