গুৱাহাটী বিশ্ববিদ্যালয় অথবা বিদ্যালয়খনৰ অধীনস্থ মহাবিদ্যালয়সমূহত অধ্যয়নৰত ছাত্ৰীৰ বাবে সুখবৰ ৷ ঋতুস্ৰাৱৰ বাবে ছাত্ৰীসকলক উপস্থিতিৰ ক্ষেত্ৰত কিছু ৰেহাই দিয়া হৈছে ৷ শিক্ষা মন্ত্ৰালয় আৰু মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি বৃহস্পতিবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদত অনুমোদন সাপেক্ষে উপাচাৰ্যই ছাত্ৰীৰ বাবে ২% ‘ঋতুস্ৰাৱৰ ছুটী’ প্ৰদানত মঞ্জুৰি দিয়ে ৷
ইয়াৰ লগে লগে বিশ্ববিদ্যালয়খনৰ শৈক্ষিক বিভাগৰ লগতে সংযুক্ত মহাবিদ্যালয়সমূহৰ বাবে নূন্যতম শ্ৰেণী উপস্থিতিৰ হাৰ হ্ৰাস পাব ৷ এতিয়াৰে পৰা ছেমিষ্টাৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ ছাত্ৰীৰ বাবে নূন্যতম শ্ৰেণী উপস্থিতি ৭৩ শতাংশলৈ হ্ৰাস পাব ৷ ইয়াৰ পূর্বে এই হাৰ আছিল ৭৫ শতাংশ ।
উল্লেখ্য যে, এই সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাই দীর্ঘদিন ধৰি দাবী জনাই আহিছিল ৷ স্বাভাৱিকতে বিশ্ববিদ্যালয়খনৰ এই পদক্ষেপ প্ৰশংসনীয় হিচাপে বিবেচিত হৈছে ৷