কোনো এজন লোকৰ সুস্বাস্থ্যৰ বাবে পৰ্যাপ্ত টোপনি অতি প্ৰয়োজনীয়। টোপনিৰ অভাৱৰ বাবে এজন ব্যক্তি বহুতো স্বাস্থ্যজনিত সমস্যাত ভূগিব লগীয়া হয় ৷সেয়ে আমি প্ৰতিদিনে কমেও ৭-৮ ঘন্টা টোপনিযোৱা উচিত ।ইয়াৰ উপৰিও টোপনি আৰামদায়ক হোৱাটোও অৱশ্যে অতি গুৰুত্বপূৰ্ণ।
কিন্তু মানসিক চাপ আৰু উদ্বেগ আদিৰ দৰে বিভিন্ন কাৰণত আমি বহুজনেই গোটেই ৰাতি বিচনাত বাগৰ সলাই থাকোঁ ৷কিন্তু যোগে এই অনিদ্ৰা সমস্যাৰ পৰা সকাহ পোৱাত সহায় কৰিব পাৰে। কোনবোৰ আসনে অনিদ্ৰাৰ সমস্যাৰ পৰা সকাহ দিব পাৰে জানো আহক।
শিশুৰ ভংগীমাত আসন-
এই আসনে আপোনাৰ শৰীৰক শিথিল কৰি তোলে আৰু ভাল টোপনিত সহায় কৰে। এই আসন কৰিবলৈ আঁঠুকাঢ়ি বহি গোৰোহা দুটা একেলগে লগাব লাগে। আঁঠুৰ মাজত দূৰত্ব বজাই ৰাখি ইয়াৰ পিছত দীঘলকৈ উশাহ লৈ লাহে লাহে উশাহ এৰি দিওঁতে শৰীৰটো আগলৈ বেঁকা কৰি বাহু দুটা মেলি কপালখন মাটিত ৰাখিব লাগে ।এই আসন কৰিলে অৱশ্যেই অনিদ্ৰাৰ সমস্যা দূৰ হ’ব আপোনাৰ৷
বিপৰীতা কৰণী আসন-
অতি সহজ এই আসন। ঘৰৰ বেৰৰ কাষত মাটিত শুই ভৰি দুটা বেৰৰ ওপৰলৈ তুলি শৰীৰটো শিথিল কৰিব লাগে। এই আসনে ভৰিৰ পৰা ক্লান্তি দূৰ কৰে আৰু লগতে ৰক্ত সঞ্চালন বৃদ্ধি কৰে যাৰ ফলত টোপনি ভাল হয় ।
শৱাসন (শৱৰ ভংগীমা)
এই আসনে আপোনাৰ সমগ্ৰ শৰীৰ শিথিল কৰাৰ লগতে শৰীৰৰ অৱসাদ আতৰোৱাত সহায় কৰে । যি আসনত এটি শৱৰ দৰে শুই থাকি গভীৰ উশাহ লোৱাৰ ফলত হৃদস্পন্দন স্বাভাৱিক হৈ পৰে লগতে ক্লান্তি দূৰ হয় ৷
বজ্ৰাসন –
এই আসন খাদ্য খোৱাৰ লগে লগে কৰা হয়। ই হজম শক্তি বৃদ্ধি কৰাৰ বাবে উপকাৰী। ইয়াৰ উপৰিও ই উদ্বেগ আৰু মানসিক চাপো হ্ৰাস কৰে আৰু ভাল টোপনি অহাত সহায় কৰে। এই আসন কৰিবলৈ আঁঠু লৈ বহি এটা গোৰোহা আনটোৰ ওচৰত ৰাখি হাত দুখন আঁঠুৰ ওপৰত ৰাখি পিঠিখন পোন কৰি দীঘলীয়াকৈ উশাহ ল’ব লাগে ।যি অৱশ্যেই নিদ্ৰাহীনতাৰ সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত অতি উপযোগী অসন হিচাপে প্ৰমাণিত ৷