নগাঁও জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাই দল ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পাছতে জিলাখনৰ কংগ্ৰেছত একপ্ৰকাৰ ধুমুহাৰ সৃষ্টি হৈছে ৷ সুৰেশ বৰাৰ লগতে বহসংখ্যক কংগ্ৰেছ কর্মীয়ে বিজেপিত যোগদান কৰিছে ৷ ইয়াৰ মাজতে নগাওঁ কংগ্ৰেছৰ পৰৱর্তী সভাপতি কোন হ’ব তাক লৈ জল্পনা কল্পনা আৰম্ভ হৈছে ৷
সাময়িকভাৱে প্ৰশান্ত কুমাৰ শইকীয়াক অৰ্পণ কৰা হৈছে নগাওঁ কগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব ৷ অৱসৰপ্ৰাপ্ত অধ্যাপক শইকীয়াক নগাঁও জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব দিয়া হয়। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৩জনীয়া পেনেলৰ সিদ্ধান্ত অনুসৰি তেওঁক ভাৰপ্ৰাপ্ত সভাপতি হিচাপে নিযুক্তি প্ৰদান কৰা হয়।প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিপুল গগৈয়ে এক নির্দেশনাৰ জৰিয়তে এই নিযুক্তি প্ৰদান কৰে ৷
অৱশ্যে স্থায়ী সভাপতিৰ বাবে তালিকা ইতিমধ্যে এআইচিচিলৈ প্ৰদেশ কংগ্ৰেছে প্ৰেৰণ কৰিছে ৷ এআইচিচিৰ অনুমোদন লাভ কৰিলেই জিলাখনত নতুন সভাপতি নিযুক্তি দিয়া হ’ব ৷
উল্লেখ্য যে, ১০ নৱেম্বৰৰ দিনা দলীয় নেতৃত্বৰ প্ৰতি অসন্তুষ্ট হৈ কংগ্ৰেছ দল ত্যাগ কৰিছিল সুৰেশ বৰাই। গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ ঘনিষ্ঠ সুৰেশ বৰাই পদত্যাগ কৰাৰ পিছৰে পৰা জিলা সভাপতিৰ পদটো খালী হৈ আছিল।