ছাহাৰা ইণ্ডিয়াৰ মুৰব্বী সুব্ৰত ৰায়ৰ দেহাৱসান ঘটিছে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৫ বছৰ। দীৰ্ঘদিন ধৰি তেওঁ কেন্সাৰকে ধৰি একাধিক শাৰীৰিক সমস্যাত ভুগি আছিল। ১২ নৱেম্বৰত তেওঁৰ অৱস্থা অধিক বেয়া হোৱাত তেওঁক মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। মঙলবাৰে নিশা তেওঁ শেষনিশ্বাস ত্যাগ কৰে ৷ মৃত্যুৰ সময়ত তেওঁ পত্নী স্বপ্না ৰায়, দুই পুত্ৰ সুশান্ত আৰু সীমান ৰায়ক এৰি থৈ যায়।
ছাহাৰা ইণ্ডিয়াই পৰিয়ালৰ হৈ এক বিবৃতিযোগে সুব্ৰত ৰায়ৰ মৃত্যুৰ কথা ঘোষণা কৰে। মঙলবাৰে নিশা ১০:৩০ মান বজাত তেওঁৰ মৃত্যু হোৱা বুলিও বিবৃতিটোত জানিব পৰা গৈছে। তেওঁ বহু দিন ধৰি কেন্সাৰ, উচ্চ ৰক্তচাপ, উশাহ-নিশাহৰ কষ্ট, মধুমেহ আৰু হৃদযন্ত্ৰৰ সমস্যাত ভুগি আছিল। ছচিয়েল মিডিয়াত তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে সমাজবাদী পাৰ্টিয়ে।
১৯৪৮ চনৰ ১০ জুনত বিহাৰৰ আৰিয়াৰিয়াত জন্মগ্ৰহণ কৰিছিল সুব্ৰত ৰায়ে । তেওঁ গোৰখপুৰ কাৰিকৰী প্ৰতিষ্ঠানৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৭৬ চনত তেওঁ বন্ধ হৈ যোৱা চিট ফাণ্ড কোম্পানী ‘ছাহাৰা ফাইনেন্স’ অধিগ্ৰহণ কৰে। ১৯৭৮ চনত ইয়াৰ নাম সলনি কৰা হয় ‘চাহাৰা পাৰিবাৰ’। লাহে লাহে তেওঁ ভাৰতৰ মানচিত্ৰত এজন বিশিষ্ট ব্যৱসায়ী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ যোগেদি চাহাৰাই বিত্তীয় প্ৰতিষ্ঠান, গৃহ উদ্যোগ, সংবাদ মাধ্যম আৰু হোটেল ব্যৱসায়কে ধৰি বিভিন্ন ক্ষেত্ৰত সাম্ৰাজ্য সম্প্ৰসাৰণ কৰিছিল। ১৯৯২ চনত তেওঁ ‘ৰাষ্ট্ৰীয় চাহাৰা’ নামেৰে এখন হিন্দী কাকত আৰম্ভ কৰে। কেইবছৰমান পিছত তেওঁ নিজৰ সপোনৰ প্ৰকল্পটো আৰম্ভ কৰিলে। তেওঁ পুনেৰ ১০ হাজাৰ একৰতকৈও অধিক মাটি সামৰি ‘আম্বি ভেলী প্ৰজেক্ট’ আৰম্ভ কৰিছিল। ইয়াৰ পিছত তেওঁ এটা টিভি চেনেলও মুকলি কৰে। লণ্ডনৰ গ্ৰছভেনাৰ হাউচ হোটেল আৰু নিউয়ৰ্কৰ প্লাজা হোটেলৰ দৰে বিখ্যাত হোটেলও তেওঁ অধিগ্ৰহণ কৰে।
বিতৰ্কই তেওঁক লগ এৰা নাছিল। ২০০২ চনত ছেবিয়ে উচ্চতম ন্যায়ালয়ত কয় যে চাহাৰা গ্ৰুপ কোম্পানীয়ে অবৈধভাৱে বজাৰৰ পৰা ৩.৫ বিলিয়ন ডলাৰ উপার্জন কৰিছে । চাহাৰা কৰ্তৃপক্ষই অৱশ্যে বেংক নথকা লাখ লাখ ভাৰতীয়ক বিনিয়োগৰ সুযোগ প্ৰদান কৰা বুলি দাবী কৰিছে। কিন্তু প্ৰদান কৰা তালিকাত বহু বিনিয়োগকাৰীৰ অৱস্থিতি বিচাৰি পোৱা নগ’ল। ২০১৪ চনৰ মাৰ্চ মাহত জেললৈ প্ৰেৰণ কৰা হৈছিল সুব্ৰত ৰায়ক ৷ প্ৰায় দুবছৰ কাৰাগাৰত থকাৰ পিছত ২০১৬ চনত পেৰ’লত ওলাই আহিছিল সুব্ৰত। তেতিয়াৰ পৰাই তেওঁ মুকলি আকাশৰ তলতে আছিল ৷