চমু চাপি আহিছে আগন্তুক লোকসভা নিৰ্বাচনৰ দিন ৷ ইয়াৰ লগে লগে ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পাইছে ৷ তাৰ মাজতে একাংশ নেতাই দল ত্যাগ কৰি নতুন ৰাজনৈতিক অংক কৰিবলৈ আৰম্ভ কৰিছে ৷ কাৰ্বি আংলং বিজেপিৰ বাবে এক বৃহৎ জোকাৰণিৰ সৃষ্টি কৰি তেওঁলোকৰ তিনিজন নেতা আৰু লগতে প্ৰাক্তন কেএএচি ইএমই দল এৰি নিজৰ পুৰণি দল – কংগ্ৰেছলৈ উভতি যোৱাৰ সিদ্ধান্ত লৈছে। এই কথা জানিবলৈ দিয়ে কাৰ্বি আংলং জিলা কংগ্ৰেছ কমিটিৰ সভাপতি ছুম ৰংহাঙে ৷ আজি ডিফুৰ নিজা কাৰ্যালয়ত আহ্বান কৰা সংবাদমেলত তেওঁ প্ৰকাশ কৰা অনুসৰি বিজেপি দলৰ পৰা বিদায় লোৱাৰ সিদ্ধান্ত লোৱা তিনিজন প্ৰাক্তন ই এম হ’ল সৰুপথাৰৰ প্ৰাক্তন এম এ চি জগতসিং ইংতি, , বৰজানৰ প্ৰাক্তন এম এ চি লংকী তিমুঙৰ, ধনশিৰিৰ প্ৰাক্তন এম এ চি প্ৰদীপ ডিফুছা। কেএডিচিচিৰ সভাপতিয়ে জনোৱা মতে, ১৯ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া গণ যোগদান কাৰ্যসূচীৰ সময়ত এই তিনি নেতা কংগ্ৰেছলৈ ঘূৰি আহিবলৈ সাজু হৈছে।
যি সময়ত সকলো ৰাজনৈতিক দলে অহা বছৰ সাংসদ নিৰ্বাচনৰ বাবে সাজু হৈছে, সেই সময়ত এই তিনিজন নেতাই লোৱা ইউ টাৰ্ণে কাৰ্বি আংলঙৰ নিৰ্বাচনী পৰিস্থিতিত ডাঙৰ প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে। কেএডিচিচিৰ নেতাসকলে কয় যে প্ৰাক্তন নেতা তিনিগৰাকী কংগ্ৰেছলৈ ঘূৰি অহাৰ সমান্তৰালকৈ শ শ সমর্থকে কংগ্ৰেছত যোগদান কৰিব ৷
জ্যেষ্ঠ ৰাজনৈতিক নেতা তথা তিনিবাৰৰ বিধায়ক জগতসিং ইংতিয়ে বিজেপি দল ত্যাগ কৰিছে। ইংতি কাৰ্বি আংলং জিলাৰ বোকাজান সমষ্টিৰ তিনিবাৰৰ বিধায়ক আছিল। জানিব পৰা মতে তেওঁ ১৯ নৱেম্বৰত জাতীয় কংগ্ৰেছ দলত যোগদান কৰিব ৷ তেওঁ কাৰ্বি পৰিষদৰ বিজেপিৰ কার্যবাহী সদস্যও আছিল।
ইংতিৰ লগতে পাহাৰৰ বহু বিজেপি নেতাই কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনা আছে । কিছুদিন পূৰ্বে বিজেপি ত্যাগ কৰি প্ৰাক্তন বিধায়ক জয়ৰাম ইংলেঙে কংগ্ৰেছত যোগ দিছিল। তাৰ পূৰ্বে বিজেপি ত্যাগ কৰি প্ৰাক্তন মন্ত্ৰী ছুম ৰংহাঙ কংগ্ৰেছলৈ আহিছিল। কাৰ্বি পাহাৰৰ এজনৰ পিছত আনজন জ্যেষ্ঠ নেতাই বিজেপি দল ত্যাগ কৰাত পাহাৰৰ বিজেপিৰ তৃণমূল কৰ্মীসকল এতিয়া অসন্তুষ্ট হৈ পৰিছে । উল্লেখযোগ্য যে এইসকল নেতাৰ যোগদানে আগন্তুক লোকসভা নিৰ্বাচন প্ৰভাৱ পেলাব বুলি চর্চা চলিছে ৷