ৰাজ্যৰ যশস্বী চলচ্চিত্র পৰিচালক হেমেন দাসৰ আজি দেহাৱসান ঘটে ৷৭৭ বছৰ বয়সত তেওঁ ত্যাগ কৰে শেষ নিশ্বাস। ‘যুঁজ’, ‘গৰখীয়া’, ‘মৃগনাভি’ আদি কেইবাখনো ছবি পৰিচালনা কৰি তেওঁ অসমীয়া ছবীজগতত সুখ্যাতি লাভ কৰিছিল ৷ তেওঁ ‘যুঁজ’ ছবিখনৰ বাবে লাভ কৰিছিল ৰাষ্ট্রীয় চলচ্চিত্র বঁটা।
তেওঁৰ জন্ম হৈছিল ১৯৪৬ চনৰ ১ ছেপ্টেম্বৰত ৷ তেওঁ আছিল এজন সুপৰিচিত অভিনেতা, লেখক, সমালোচক, মঞ্চ আৰু চলচ্চিত্ৰ পৰিচালক। ১৯৯০ চনত তেওঁৰ বৈশিষ্ট্যপূৰ্ণ ছবি যুঁজৰ বাবে ৰাষ্ট্ৰীয় চিনে বঁটা ৰজত কমল লাভ কৰে।২০১৬ চনত তেওঁৰ ছবি ‘মৃগনাভি’ত কৰা অভিনয়ৰ বাবে ষষ্ঠ দাদা চাহেব ফাল্কে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে প্ৰস্তুতি পৰাশৰে ৷ তেওঁ অসম চৰকাৰৰ পৰা শিল্পী পেঞ্চন আৰু সাহিত্য বঁটা লাভ কৰে।
প্ৰয়াত হেমেন দাস পৰিচালকৰ উপৰিও একেধাৰে আছিল চিত্ৰনাট্যকাৰ, অভিনেতা, লেখক। তেওঁ আছিল অসম সচিবালয়ৰ কৰ্মচাৰী। ২০০৪ চনত তেওঁ চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। দুলাল ৰয়ৰ ‘আশ্ৰয়’ ছবিৰ জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে ৷
হেমেন দাস ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণীকৰণ ব’ৰ্ড ১৯৯৭-২০০৪, প্ৰাক্তন কাৰ্যবাহী পৰিষদ আৰু সাধাৰণ সংস্থাৰ সদস্য-ভাৰতীয় শিশু চলচ্চিত্ৰ সমিতি, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় ২০০৫-২০০৭ , তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ চিত্ৰনাট্য সমিতি-ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমৰ সদস্য হিচাপেও তেওঁ কার্যনিবাহ কৰিছিল ৷