যোৱা কেইমাহমানৰ পৰা বচ্চন পৰিয়ালত বিভাজন হোৱা বুলি বলিউডত উৰাবাতৰি চলি আহিছে । মূলতঃ বচ্চন আৰু ঐশ্বৰ্য ৰায় বচ্চনৰ মাজৰ দূৰত্ব বাঢ়িছে বুলি চর্চা আৰম্ভ হৈছে । চলিত মাহৰ আৰম্ভণিতে প্ৰাক্তন মিছ ৱৰ্ল্ড ঐশ্বৰ্য ৰায় বচ্চনে অকলেই ৫০ বছৰীয়া জন্মদিন উদযাপন কৰিছিল। স্বামী অভিষেক বচ্চন বা বচ্চন পৰিয়ালৰ আন কোনো সদস্যক ১ নৱেম্বৰত তেওঁৰ কাষত দেখা পোৱা নাছিল। কেৱল কন্যা আৰাধ্যা বচ্চন আৰু মাতৃ বৃন্দা ৰায়ৰ সৈতে ঐশ্বৰ্যই তেওঁৰ বিশেষ দিনটো উদযাপন কৰে। অভিষেকে আকস্মিক ভাবে শুভেচ্ছা দিয়ে সামাজিক মাধ্যমত ৷ ঐশ্বৰ্যৰ জন্মদিনত বচ্চন পৰিয়ালৰ আন কোনো সদস্যই তেওঁলোকৰ ছ’চিয়েল মিডিয়া পেজতো এটা বাৰ্তা শ্বেয়াৰ কৰা নাছিল। এইবাৰ নাতিনী আৰাধ্যাৰ বাবেও বচ্চন পৰিয়ালৰ একে ব্যৱহাৰ পৰিলক্ষিত হৈছে !
অভিষেক-ঐশ্বৰ্যৰ একমাত্ৰ কন্যা আৰাধ্যাৰ বয়স ১৩ বছৰ। কন্যা জীৱনৰ আটাইতকৈ ডাঙৰ উপহাৰ বুলি লিখিছে ঐশ্বৰ্যই ছ’চিয়েল মিডিয়া পেজত। । কিন্তু আৰাধ্যাৰ মাক-দেউতাকৰ বাহিৰে বাকী বচ্চন পৰিয়ালটো সম্পূৰ্ণ নিমাত।
ছচিয়েল মিডিয়াত অতি সক্ৰিয় ককাক অমিতাভ বচ্চন। তেওঁ প্ৰায় প্ৰতিদিনে বিশ্বকাপৰ বিষয়ে কিবা নহয় কিবা এটা পোষ্ট কৰি আছে। কিন্তু নাতিনীয়েকৰ জন্মদিনত তেওঁ এটা বাক্যও নিলিখিলে ৷ বোৱাৰী ঐশ্বৰ্যৰ জন্মদিনত বচ্চন পৰিয়ালে শুভেচ্চা বার্তা দিয়া নাছিল ৷ অনুৰাগীসকলে এইবাৰ নাতিনীয়েক আৰাধ্যাৰ জন্মদিনত একেটা ঘটনা পুনৰাবৃত্তি কৰাৰ কথা ভাবিছে। অৱশ্যে ছ’চিয়েল মিডিয়াত সকলো জীৱনৰ কথা নহয়। ৰাজহুৱাভাৱে শুভেচ্ছা প্ৰকাশ নকৰিলেও আজিৰ দিনটোত ককাক আৰু নাতিনীয়েকৰ মাজত ঘৰৰ ভিতৰত জন্মদিনৰ আনন্দ কৰিছে নেকি সেয়া জনা নাযায় ৷ ইয়াৰ পূৰ্বে জন্মদিনত আৰাধ্যাক বহু মূল্যবান উপহাৰ দিছিল তেওঁ ।