দক্ষতা আৰু নিষ্ঠাৰ এক চমকপ্ৰদ প্ৰদৰ্শনৰে মালিগাও নিৱাসী বলভদ্ৰ ডেকা আৰু পল্লবী ডেকাৰ কন্যা কুঁহি ডেকাই গাজিয়াবাদত অনুষ্ঠিত চিবিএছই ৰাষ্ট্ৰীয় যোগ চেম্পিয়নশ্বিপত সন্মানীয় ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। সমগ্ৰ ভাৰতৰ বিভিন্ন চিবিএছই বিদ্যালয়ৰ ১২ ৰ পৰা ১৪ বছৰ বয়সৰ প্ৰায় ৮০০ জন শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল ৷
গুৱাহাটীৰ মালিগাঁওৰ ছেইণ্ট মেৰী ছিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ কুঁহি ডেকাই ব্যতিক্ৰমী প্ৰতিভা প্ৰদৰ্শন কৰি সকলোৰে দৃষ্টৈ আকর্ষণ কৰে ৷ যোগত সফলতাৰ বাবে কুহি ডেকাৰ যাত্ৰা নতুন নহয় ৷ ২০২১ চনত, তেওঁ “কপালত জ্বলন্ত চাকিৰে কৰা আসন” ত বিশ্ব অভিলেখ গঢ়ি নিজৰ নাম লিপিবদ্ধ কৰিছিল ৷ যোগবিদ দেবজিৎ নাথৰ বিশেষজ্ঞ পৃষ্ঠপোষকতা আৰু যোগ বিশেষজ্ঞ দিব্যজ্যোতি ডেকাৰ অনন্য নিৰ্দেশনাই তেওঁৰ কলাৰ নিপুণতা গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
কুঁহিৰ সফলতাই কেৱল ছেইণ্ট মেৰী বিদ্যালয়লৰ লগতে ৰাজ্যবাসীক গৌৰৱান্বিত কৰিছে ৷