অসম তথা কেন্দ্ৰ চৰকাৰে আলফা (স্বাধীন)ৰ সাৰ্বভৌমত্বৰ দাবী নাকচ কৰাক লৈ সচেতন মহলৰ মাজত ব্যাপক চৰ্চা চলিছে । যিহেতু আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই সাৰ্বভৌমত্বৰ বিষয়টো আলোচনাৰ মেজত স্থান পোৱাটো বিচাৰিছে। কিন্তু এই ক্ষেত্ৰত কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে এই বিষয়টো আলোচনা কৰা অসম্ভৱ বুলি স্পষ্ট কৰি দিছে।
১৯৮৪ চনৰ পৰা চলি থকা আলফাৰ সশস্ত্ৰ সংগ্ৰামৰ মূল দাবী আছিল অসমৰ সাৰ্বভৌমত্ব। এইবছৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছতে ডঃ হিমন্ত বিশ্ব শৰ্মাই আলফাৰ সৈতে শান্তি আলোচনাৰ প্ৰস্তাৱ দিছিল আৰু আলফাইও ইতিবাচক সঁহাৰি দি একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰিছিল।
ইফালে শান্তি আলোচনা বিষয়টো চলি থকাৰ মাজতে সশস্ত্ৰ সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ ব্যাপক সালসলনি কৰা বুলি এক প্ৰেছ বিবৃতি যোগে জানিবলৈ দিছে সংগঠনটোৱে।
একেদৰে আলফাৰ শান্তি আলোচনা প্ৰসংগত দেওবাৰে নতুন দিল্লীত এক সংবাদ মেলত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ”আমি এক মাজৰ পন্থাৰে আলফা(স্বাধীন)ৰ সৈতে আলোচনা কৰাৰ বাবে আলাপ-আলোচনা চলাই আছো।“ অৰ্থাৎ অহা ২-৩ বছৰৰ টাইমফ্ৰেমত আলফা (স্বাধীন)ৰে আলোচনা হোৱাৰ কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে।
এইক্ষেত্ৰত আলফাৰ নেতৃত্বৰ লগত এক অনানুষ্ঠানিক সম্পৰ্ক বজাই ৰখাৰ কথাও প্ৰকাশ কৰে মুখ্যমন্ত্ৰী শৰ্মাই। যাৰ পৰিপ্ৰেক্ষিতত আলফা(স্বাধীন)য়ে দুবাৰকৈ যুদ্ধবিৰতি ঘোষণা কৰিছে। ইয়াৰোপৰি ৰাজ্য চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই প্ৰথম বাৰৰ ১৫ আগষ্টত স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনোৱা নাছিল সংগঠনটোৱে।
এতিয়া মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা অনুসৰি এই আলফাৰ শান্তি আলোচনাত মাজৰ পন্থা কি হ’ব, তাক লৈ এতিয়া সচেতন মহলত আলোচনা অব্যাহত আছে।অৱশ্যে ইয়াৰমাজতে মুখ্যমন্ত্ৰী গৰাকীয়ে এইবুলিও উল্লেখ কৰে যে ১৯৮৪ চনৰ পৰা চলি অহা বিষয়টো তিনি বা ছমাহতে শেষ হ’ব বুলি আশা কৰিব নোৱাৰি। তেনেক্ষেত্ৰত চৰকাৰে দুই-তিনি বছৰ সময় সীমা লৈ এই আলোচনা আগবঢ়াই নিয়াৰ পোষকতা কৰিছে।