অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়াত ২২ নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰলৈ অনুষ্ঠিত ৩৯ সংখ্যক সৰ্বভাৰতীয় ডাক টেবুল টেনিছ প্ৰতিযোগিতাত অসমে বিশেষ সাফল্য অৰ্জন কৰিছে । ৰামাকোটাইয়া ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাত অসম দলৰ হৈ অংশগ্ৰহণ কৰে কৌশিক ফুকন, পৰশ প্ৰতিম বৰুৱা, অপ্ৰতিম গগৈ, ৰাধেশ্যাম চাহু আৰু প্ৰয়াস প্ৰতীম ভৰদ্বাজে । দলীয় ইভেণ্টৰ গ্ৰুপ পৰ্যায়ত অসমে অন্ধ্ৰপ্ৰদেশক ৩-২, হাৰিয়ানাক ৩-০ ব্যৱধানত পৰাস্ত কৰে ।
কোৱাৰ্টাৰ ফাইনেলত অসমে ৰাজস্থানক ৩-১ ব্যৱধানত হৰুৱাই যদিও ছেমি ফাইনেলত ০-২ গেমত পিছ পৰি থকা সত্বেও অসমে গুজৰাটৰ বিৰুদ্ধে ৩-২ ব্যৱধানত কষ্টকৰ বিজয় অৰ্জন কৰে । ফাইনেলত অসম বংগৰ বিৰুদ্ধে ০-৩ ব্যৱধানত পৰাস্ত হৈ ৰূপৰ পদক লাভ কৰে ।
একক ইভেণ্টত কৌশিক ফুকন, প্ৰয়াস প্ৰতীম ভৰদ্বাজ, অপ্ৰতিম গগৈ কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হয় আৰু কৌশিকে পঞ্চম স্থান দখল কৰি ভাৰতীয় ডাক টি টি দলৰ বাবে নিৰ্বাচিত হয় ।
পুৰুষৰ ডাবলছত অপ্ৰতিম আৰুপ্ৰয়াসেৰে গঠিত অসম দলে ৰূপৰ পদক লাভ কৰে । তেওঁলোক বংগৰ প্ৰীতম বসু আৰু আকাশ নাথৰ বিৰুদ্ধে ০-৩ ব্যৱধানত পৰাস্ত হয় । ছত্তীশগড়ৰ প্ৰেমৰাজ ঝাচক আৰু প্ৰখৰ আগৰৱালৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত কৌশিক আৰু পৰশ ১-৩ ব্যৱধানত পৰাস্ত হয় । সামৰণি অনুষ্ঠানত উপস্থিত থাকি পুৰস্কাৰ বিতৰণ কৰে এন টি আৰ জিলাৰ উপায়ুক্ত আন্তঃৰাষ্ট্ৰীয় আৰ্চাৰ, অৰ্জুন বঁটা বিজয়ী ভেন্নাম জ্যোতি সুৰেখাই ।