দেওবাৰে গুজৰাট টাইটানছ এৰি হাৰ্দিক পাণ্ডিয়াই মুম্বাই ইণ্ডিয়ানছত যোগদান কৰে। আই পি এল বিজয়ী অধিনায়কগৰাকীয়ে দল এৰি যোৱাৰ পাছত সোমবাৰে গুজৰাটে নতুন অধিনায়কৰ নাম ঘোষণা কৰে। শুভমন গিল দলৰ নতুন অধিনায়ক হিচাপে পৰিগণিত হয়। গুজৰাটে দলটো এতিয়াৰে পৰা গিলে নেতৃত্ব দিব । ২০২৪ চনৰ বাবে তেওঁক অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে।
গুজৰাটৰ ‘ক্ৰিকেট পৰিচালক’ বিক্ৰম সোলাংকিয়ে শুভমনৰ নাম ঘোষণা কৰে। তেওঁ কয়, “যোৱা দুবছৰত শুভমনে বহুত উন্নতি কৰিছে। শুভমন কেৱল এজন ক্ৰিকেটাৰেই নহয়, এজন অধিনায়ক হোৱাৰ বাবে যোগ্য ৷ ২০২২ চনত গুজৰাটৰ চেম্পিয়ন আৰু ২০২৩ চনত ৰানাৰ্ছ আপৰ আঁৰত শুভমনে ডাঙৰ ভূমিকা পালন কৰিছিল। শুভমনক দলৰ নতুন অধিনায়ক হিচাপে লৈ আমি গৌৰৱান্বিত। অহা ছিজনত বহুত ভাল খেলিব বুলি আশা কৰিলোঁ।“
নতুন দায়িত্বত শুভমনো সুখী। ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে কয় –“ গুজৰাটৰ দৰে দলৰ অধিনায়ক হোৱাৰ বাবে মই গৌৰৱান্বিত। চেম্পিয়ন দল এটাৰ নেতৃত্ব দিয়াটো সহজ নহয়। কিন্তু এই দলৰ সকলো ক্ৰিকেটাৰ সকলোৱে সকলোৰে কাষত থিয় হৈ থাকে । গতিকে কেপ্তেইনৰ কাম সহজ হৈ পৰে। যোৱা দুটা ছিজনত মই বহুত ভাল ক্ৰিকেট খেলিছো। অহা ছিজনত মই সেইটোৱেই কৰিব বিচাৰো।
দেওবাৰে বিয়লিলৈকে হাৰ্দিকক লৈ জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। গুজৰাটে হাৰ্দিকক তেওঁলোকৰ ৰিটেইনড ক্ৰিকেটাৰৰ তালিকাত ৰাখিছিল। কিন্তু পিছত গম পোৱা যায় যে তেওঁ মুম্বাইত চুক্তিবদ্ধ হৈছিল। দেওবাৰে দুয়োটা দলে একো কোৱা নাছিল। সোমবাৰে সকলো স্পষ্ট হৈ পৰিছিল। হাৰ্দিক মুম্বাইলৈ ৰাওনা হোৱাৰ সময়তে গুজৰাটে নতুন অধিনায়ক ঘোষণা কৰে।