বিবাহপাশত আৱদ্ধ হ’ল জনপ্ৰিয় কণ্ঠশিল্পী গীতালি দেৱী ৷ কামাখ্যা মন্দিৰত গায়ক-গীতিকাৰ সুমিত সাগৰৰ সৈতে সোমবাৰে বিবাহপাশত আৱদ্ধ হয় গীতালি ৷ কণ্ঠশিল্পী গৰাকীৰ বিবাহ অনুষ্ঠানত কণ্ঠশিল্পী দীক্ষু,ভৃগু কাশ্যপ , অভিনেত্ৰী প্ৰিয়ম পল্লৱীকে ধৰি কেইবাজনো কণ্ঠশিল্পী উপস্থিত থাকে ৷
তেজপুৰত জন্মগ্ৰহণ কৰা গীতালিয়ে শৈশৱৰ পৰাই সংগীত সাধনা কৰি আহিছে ৷ তেওঁ অভিনয়ৰ ক্ষেত্ৰখনৰ সৈতেও জড়িত ৷ ২০০৭ চনত তেওঁ অসমীয়া সংগীত জগতত আত্মপ্ৰকাশ কৰে ৷ অৱশ্যে ২০১০ চনত ডিওৱাই মেডলি অনুষ্ঠানৰ জৰিয়তে গীতালিয়ে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয় ৷ তেওঁৰ প্ৰথম একক এলবাম হৈছে কুঁৱলী ৷ বিগত সময়ছোৱাত কেইবাটাও গীতে শ্ৰোতাৰ সমাদৰ লাভ কৰিছে ৷
উল্লেখ্য যে পূর্বেও তেওঁ বিবাহপাশত আৱদ্ধ হৈছিল যদিও কিছুদিন পাছত তেওঁলোকৰ বিচ্চেদ হয় ৷ ইয়াৰ পাছত তেওঁ সুমিত সাগৰৰ সৈতে বিবাহত বহিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷