২০২৪ চনৰ লোকসভা নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল। লোকসভা নিৰ্বাচনলৈ মাজত এতিয়াও কিছু সময় আছে যদিও ৰাজনৈতিক দলবোৰৰ মাজত ব্যাপক প্ৰস্তুতি চলিছে। বিশেষকৈ শাসকীয় তৎপৰ হৈ পৰিছে বিটিএডি অঞ্চলত ৷ বিটিএএডিৰ প্ৰান্তে প্ৰান্তে বিজেপিয়ে অনুষ্ঠিত কৰিছে ৷
ওদালগুৰি জিলাৰ মাজবাটত মঙলবাৰে বিজেপিয়ে অনুষ্ঠিত কৰা এই বিশাল জনসভাত অংশগ্ৰহণ কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। দুপৰীয়া ১ বজাৰ পৰা মাজবাটৰ ৰাজীৱ গান্ধী খেল পথাৰত অনুষ্ঠিত হোৱা এই সভাত মন্ত্ৰী পেগুৰ উপৰিও সাংসদ দিলীপ শইকীয়া, মৰিয়নি বিধানসভা সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস, বিজেপিৰ মুখাপাত্ৰ ৰূপম গোস্বামী, বি টি আৰৰ ই এম নিলুৎ স্বৰ্গিয়াৰী, ইউ পি পি এলৰ কেইবাজনো নেতা উপস্থিত থাকে।
সভাৰ এই নেতাসকলৰ উপস্থিতিত ওৰাঙৰ পৰা মাজবাটলৈ প্ৰায় ১২কিলোমিটাৰ বিশাল বাইক ৰেলী উলিয়াই । সভাত মন্ত্ৰী ৰণোজ পেগুৱে কয় যে বি টি চিত বিজেপি-ইউ পি পি এলৰ বিৰুদ্ধে অপশক্তিয়ে মূৰ দাঙি উঠিছে। এই শক্তিয়ে অপপ্ৰচাৰত লিপ্ত হোৱাৰ বিৰুদ্ধে প্ৰত্যুত্তৰ দিয়াৰ বাবেই দলটোৱে এইদৰে তৎপৰতাত লিপ্ত হৈছে বুলি ঘোষণা কৰে।