ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক হিচাপে পুনৰ দেখা যাব ৰাহুল দ্ৰাবিড়ক। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে তেওঁক পুনৰ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে বুধবাৰে ব’ৰ্ডে ছ’চিয়েল মিডিয়াৰ জৰিয়তে দ্ৰাবিড় ভাৰতীয় দলৰ প্ৰশিক্ষক হৈ থাকিব বুলি অৱগত কৰে। অৱশ্যে কিমান দিনৰ বাবে তেওঁক প্ৰশিক্ষকৰ দায়িত্ব দিয়া হ’ল, সেই প্ৰকাশ কৰা হোৱা নাই ৷
কেৱল দ্ৰাবিড়ে নহয়, তেওঁৰ সতীৰ্থসকলকো প্ৰশিক্ষক হিচাপে ৰখা হৈছে। ব’ৰ্ডৰ মুৰব্বী ৰজাৰ বিনিয়ে কয়, ‘দ্ৰাবিড়ৰ দৰ্শন, পেছাদাৰিত্ব আৰু অধ্যৱসায় ভাৰতৰ সফলতাৰ অন্যতম কাৰণ। ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক হোৱাটো সদায় মানসিক চাপৰ বিষয়। সেই হেঁচাত তেওঁ যিদৰে সফল হৈছিল তাৰ বাবে দ্ৰাবিড় প্ৰশংসাৰ যোগ্য ৷ দ্ৰাবিড় পুনৰ প্ৰশিক্ষকৰ দায়িত্ব লোৱাৰ বাবে মই সুখী। ব’ৰ্ড আৰু দ্ৰাবিড়ৰ মাজত ভাল সম্পৰ্ক আছে। মোৰ বিশ্বাস দ্ৰাবিড়ে প্ৰশিক্ষণৰ জৰিয়তে ভাৰতীয় দলটোৱে অধিক সফলতা লাভ কৰিব।”
দ্ৰাবিড়ৰ প্ৰশিক্ষক হিচাপে নিযুক্ত হৈ থকাৰ সময়তে টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত পৰাস্ত হয় ভাৰত। এছিয়া কাপত জয়ী হ’লেও বিশ্বকাপৰ ফাইনেলত পৰাস্ত হয়। এইবাৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত পৰাস্ত হৈছে ভাৰত।
২০২১ চনত টি-২০ বিশ্বকাপৰ পিছত এই দায়িত্ব দিয়া হৈছিল দ্ৰাবিড়ক। তাৰ আগতে তেওঁ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ মুৰব্বী আছিল।