ৰাহুল দ্ৰাবিড় ভাৰতৰ প্ৰশিক্ষক হ’ব নে নহয় সেই সন্দৰ্ভত জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। সেই সমস্যা বুধবাৰে সমাধান হয়। ব’ৰ্ডে দ্ৰাবিড়ৰ চুক্তি বৃদ্ধি কৰিছে। এইবাৰ সমস্যা আৰম্ভ হৈছে ৰোহিত শৰ্মাক লৈ। টি-২০ মেচ তেওঁ খেলিব নে নেখেলে সেয়া এতিয়াও স্পষ্ট কৰা নাই ৰোহিতে । কিন্তু টি-২০ বিশ্বকাপত অধিনায়ক হিচাপে ৰোহিতক বিচাৰে ব’ৰ্ডে।
বিশ্বকাপ খেলি এতিয়া জিৰণি লৈছে ৰোহিতে। শেহতীয়াকৈ তেওঁক টি-২০ ফৰ্মেটত বিশেষ খেলা দেখা পোৱা নাই। কিন্তু ব’ৰ্ডে বিচাৰে যে ৰোহিতে টি-২০ বিশ্বকাপত দলটোক নেতৃত্ব দিয়ক।
লিগামেণ্টৰ আঘাতৰ বাবে হাৰ্দিক পাণ্ডিয়াক বিশ্বকাপৰ পৰা বাদ দিয়া হৈছে। শেহতীয়াকৈ টি-২০ত তেওঁ ভাৰতক নেতৃত্ব দি আছিল। তেওঁৰ অনুপস্থিতিত ভাৰতৰ নেতৃত্ব দি আছে সূৰ্যকুমাৰ যাদৱে। যদিহে ৰোহিতে দক্ষিণ আফ্ৰিকাত টি-২০ খেলিবলৈ সন্মত নহয় তেন্তে সূৰ্য্যক নেতৃত্বৰ দায়িত্ব দিয়া হ’ব পাৰে। ৰোহিতে পূৰ্বে কৈছিল যে তেওঁ টি-২০ ফৰ্মেটত খেলিবলৈ ইচ্ছুক নহয়। কিন্তু ব’ৰ্ডে বিচাৰে যে তেওঁ অন্ততঃ টি-২০ বিশ্বকাপলৈকে এই ফৰ্মেটত খেলি থাকক ৷
ব’ৰ্ডৰ এক সূত্ৰই সংবাদ সংস্থাটোক জনোৱা মতে, ‘এতিয়া প্ৰশ্নটো হ’ল হাৰ্দিক ঘূৰি আহিলে কি হ’ব। ব’ৰ্ডে বিচাৰে যে ৰোহিতে টি-২০ খেলিবলৈ সন্মত হ’লে বিশ্বকাপত দলটোক নেতৃত্ব দিব। বিশ্বকাপ পৰ্যন্ত টি-২০ত দলৰ অধিনায়ক হিচাপে থাকিব ৰোহিতে। যদিহে ৰোহিতে এই কথাত সন্মতি নিদিয়ে তেন্তে সূৰ্য্যই দলটোক দক্ষিণ আফ্ৰিকা ভ্ৰমণত নেতৃত্ব দিব।’
উল্লেখযোগ্য যে বিৰাট কোহলীয়ে ইতিমধ্যে টি-২০ৰ পৰা নিজকে আঁতৰাই নিয়াৰ ইচ্ছা প্ৰকাশ কৰিছে।