পুনৰ চর্চালৈ আহিছে শক্তিশালী বিজেপি নেত্ৰীত আঙুৰলতা ডেকা ৷ পিছে দলীয় কামৰ বাবে নহয়, দলৰ কামৰ ক্ষেত্ৰত সম্পূর্ণ পিছ দিয়াৰ বাবেহে চর্চালৈ আহিছে আঙুৰলতা ৷
চর্চা অনুসৰি শীঘ্ৰে ক্ষমতা হেৰুৱাব বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী আঙুৰলতা ডেকাই। দলৰ কাম-কাজত বিগত কেইবামাহো ধৰি জড়িত নাই আঙুৰলতা। প্ৰাপ্ত তথ্য অনুসৰি তেওঁ নতুন দিল্লীত নমামী নামৰ এখন অতিথিশালা আৰম্ভ কৰিছে। এই কামতে তেওঁ নিজকে নিয়োজিত কৰি ৰাখিছে ৷
লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা মাহ থকাৰ সময়ত বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰীৰ সাংগঠনিক কাম-কাজত আনুষ্ঠানিত অনুপস্থিতিয়েই এতিয়া দৃষ্টিগোচৰ কৰিছে সকলোৰে। অভিনেত্ৰীৰ পৰা ৰাজনৈতিক নেত্ৰী হোৱা আঙুৰলতা ডেকা আছিল কিছুদিন পূর্বলৈ বিজেপিৰ আটাইতকৈ ক্ষমতাশালী মহিলা নেত্রী।
হাৰিয়ানাৰ বিজেপি নেতা ৰবীন্দ্ৰ ৰাজুৱে অসমৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদকৰ দায়িত্ব গ্রহণ কৰাৰ পিচৰে পৰাই বাজপেয়ী ভৱনত ৰহস্যজনকভাৱে হ্ৰাস পালে আঙুৰলতা ডেকাৰ গুৰুত্ব। গুৱাহাটী লোকসভা সমষ্টিৰ প্রার্থিত্বৰ দৌৰত আগবাঢ়ি আছিল অভিনেত্ৰীগৰাকী। কিন্তু তাৰ পৰাও বঞ্চিত হোৱাৰ দিশে আঙুৰলতা ৷
শীঘ্ৰে মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্রী পদৰ পৰা অপসাৰিত কৰা হ’ব আঙুৰলতা। লোকসভা নিৰ্বাচনৰ পূৰ্বে মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্রীৰূপে দায়িত্ব দিয়া হ’ব পাৰে মহিলা মৰ্চাৰ অন্যতম সাধাৰণ সম্পাদক পূৰৱী ৰায় বা অনুসূচিত জাতি মৰ্চাৰ উপ-সভাপতি স্বপ্না বণিয়াক ৷