অৱশেষত মহিলা মর্চাৰ সভানেত্ৰী পদৰ পৰা আঁতৰিল আঙুৰলতা ডেকা ৷ স্বপ্না বনিয়াক দিয়া হৈছে সভানেত্ৰী পদৰ দায়িত্ব ৷ অনু্চিত জাতি মর্চাৰ উপ সভানেত্ৰী হিচাপে পূর্বে কার্যনিবাহ কৰি আছিল স্বপ্না বনিয়াই ৷বিগত কিছুদিন ধৰি মহিলা মর্চাৰ সভানেত্ৰীৰ পদৰ পৰা আঙুৰলতা ডেকাক অপসাৰণ কৰা হ’ব বুলি চর্চা চলি আহিছে ৷
উল্লেখ্য যে দলৰ কাম-কাজত বিগত কেইবামাহো ধৰি জড়িত নাছিল আঙুৰলতা। প্ৰাপ্ত তথ্য অনুসৰি তেওঁ নতুন দিল্লীত নমামী নামৰ এখন অতিথিশালা আৰম্ভ কৰিছে। এই কামতে তেওঁ নিজকে নিয়োজিত কৰি ৰাখিছে ৷
লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা মাহ থকাৰ সময়ত বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰীৰ সাংগঠনিক কাম-কাজত আনুষ্ঠানিত অনুপস্থিতিয়েই দৃষ্টিগোচৰ কৰিছে সকলোৰে। অভিনেত্ৰীৰ পৰা ৰাজনৈতিক নেত্ৰী হোৱা আঙুৰলতা ডেকা আছিল কিছুদিন পূর্বলৈ বিজেপিৰ আটাইতকৈ ক্ষমতাশালী মহিলা নেত্রী।
হাৰিয়ানাৰ বিজেপি নেতা ৰবীন্দ্ৰ ৰাজুৱে অসমৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদকৰ দায়িত্ব গ্রহণ কৰাৰ পিচৰে পৰাই বাজপেয়ী ভৱনত ৰহস্যজনকভাৱে হ্ৰাস পাইছিল আঙুৰলতা ডেকাৰ গুৰুত্ব। গুৱাহাটী লোকসভা সমষ্টিৰ প্রার্থিত্বৰ দৌৰত আগবাঢ়ি আছিল অভিনেত্ৰীগৰাকী। কিন্তু তাৰ পৰাও তেওঁ বঞ্চিত হ’ব নেকি বুলি প্ৰশ্নৰ উত্থাপন হৈছিল ৷