অহা ১৮ জানুৱাৰীৰ পৰা মাজুলীত অনুষ্ঠিত হ’ব ‘অসম ভাওনা সমাৰোহ’ ৷১৩ দিনীয়া কাৰ্যসূচীৰে আউনীআটী সত্ৰৰ মনিকাঞ্চন ৰংগক্ষেত্ৰত অনুষ্ঠিত হ’ব ৷ অসম ভাওনা সমাৰোহৰ উদযাপন সমিতিৰ সভাপতি তথা আউনীআটী সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীয়ে মনিকাঞ্চন ৰংগক্ষেত্ৰত আনুষ্ঠানিকভাৱে মাংগলিক ধ্বনিৰ মাজেৰে লাইখুঁটা স্থাপন কৰে।
কাৰ্যসূচী অনুসৰি সমাৰোহৰ প্ৰথমদিনা অৰ্থাৎ ১৮ জানুৱাৰীত ক্ৰমে প্ৰভাতী কীৰ্তন, ধৰ্মধ্বজা উত্তোলন, মণিকূটৰ দ্বাৰ উন্মোচন, ভোজনালয় দ্বাৰ উদঘাটন, প্ৰদৰ্শনীৰ দ্বাৰ উদঘাটনৰ পিছতেই পুৱা ১১ বজাত অসম ভাওনা সমাৰোহ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। উদ্বোধনী অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি সূৰ্য হাজৰিকাকে প্ৰমুখ্য কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীকে ধৰি অসম মন্ত্ৰী সভাৰ ভালেকেইগৰাকী মন্ত্ৰী, সাংসদ তথা বিধায়ক, বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰাৰ কথা।
ইফালে ভাওনা সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত প্ৰায় ৮ হাজাৰ আইৰ দ্বাৰা পৰিৱেশন হ’ব দিহানাম ৷ পূৰ্বৰ দৰেই এইবাৰো দুটা ভাগত বিভক্ত কৰি ভাওনা সূৰ্য আৰু ভাওনা চন্দ্ৰ বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে। ৪ বছৰৰ পৰা ১৫ বছৰৰ বয়সৰ লোকক ভাওনা চন্দ্ৰ আৰু ১৬ বছৰৰ পৰা ৮০ বছৰ বয়সৰ লোকক ভাওনা সূৰ্য স্বৰ্ণ পদক দিয়াৰ কথা ঘোষণা কৰে।
আনহাতে, সভাতে সমাৰোহৰ সৰ্বোচ্চ সন্মান ভাওনা ৰত্ন, শংকৰদেৱ গৱেষণা বঁটা আৰু ভাওনা মহিয়ান বঁটা প্ৰদানৰ সন্দৰ্ভতো আলোচনা হয়। সভাৰ সিদ্ধান্ত অনুসৰি মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য তথা বৰ্তমানৰ আউনীআটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য তথা বিশিষ্ট বুৰঞ্জীবিদ ড° ডম্বৰুধৰ নাথক শংকৰদেৱ গৱেষণা বঁটা, মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ বুঢ়াভকত, মাজুলী জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰভাত বৰা বুঢ়াভকতক এইবৰ্ষৰ ভাওনা ৰত্ন বঁটা প্ৰদান কৰাৰ কথা সভাতে সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীয়ে ঘোষণা কৰে।