কাৰাগাৰতে থাকিব লাগিব এছচিইআৰটিত সংঘটিত ১০৫ কোটিটকীয়া কেলেংকাৰীৰ মূল অভিযুক্ত আইএএছ শেৱালী দেৱী শৰ্মা ৷ তেওঁৰ জামিন নাকচ কৰা হৈছে । বিশেষ ন্যায়াধীশৰ আদালতে নাকচ কৰিছে শেৱালী দেৱীৰ জামিন।
উল্লেখ্য যে পুঁজিৰ ১০৫ কোটি টকাৰ কেলেংকাৰীৰ মূল অভিযুক্ত আছিল শেৱালী দেৱী শৰ্মা। বৰ্তমান কেন্দ্ৰীয় কাৰাগাৰত আছে শেৱালী দেৱী শৰ্মা। সমগ্ৰ কেলেংকাৰীত নাম সাঙোৰ খাই গ্ৰেপ্তাৰ হৈছিল এছচিইআৰটিৰ বহু বিষয়া-কৰ্মচাৰীৰ লগতে আৰটিআই কৰ্মী, সাংবাদিকো।আনকি তেওঁৰ জোৱাইৰ নামো সাঙোৰ খাইছিল ৷