আই পি এলৰ ইতিহাসত এক অভিলেখ সৃষ্টি কৰিলে পেট কামিন্সে। বিশ্বকাপ বিজয়ী অধিনায়কগৰাকীক অভিলেখ সৃষ্টি কৰি ২০ কোটি ৫০ লাখ টকাত ক্ৰয় কৰিছিল ছানৰাইজাৰ্ছ হায়দৰাবাদে। ইয়াৰ পূর্বে সর্বাধিক লদাম লাভ কৰিছিল ছেম কেৰেনে ৷ তেওঁক ১৮ কোটি ৫০ লাখ টকাত ক্ৰয় কৰিছিল পঞ্জাৱ কিংছে। পেট কামিন্সে কেৰেনক পৰাস্ত কৰে।
আই পি এলৰ নিলামত কামিন্সৰ নূন্যতম মূল্য আছিল ২ কোটি টকা। প্ৰথমে চেন্নাই ছুপাৰ কিংছে কামিন্সক ক্ৰয় কৰিবলৈ চেষ্টা কৰিছিল ৷ মুম্বাই ইণ্ডিয়ানেও চেষ্টা কৰে ৷ মূল্য ৬ কোটিলৈ বৃদ্ধি পোৱাৰ পিছতে মুম্বাইয়ে যুঁজৰ পৰা আঁতৰি যায়।
বিশ্বকাপৰ ফাইনেলৰ নায়কক লৈ গ’ল হায়দৰাবাদে। ট্ৰেভিছ হেডক ৬ কোটি ৮০ লাখ টকাত ক্ৰয় কৰে হায়দৰাবাদে ৷