বলিউডৰ মিষ্টাৰ ইণ্ডিয়া খ্যাত অনিল কাপুৰে গোপনে ভ্ৰমি গ’ল অসম ৷ কাজিৰঙা , তেজপুৰকে ধৰি বিভিন্ন অঞ্চলত শ্বুটিঙৰ বাবে উপস্থিত হোৱা অনিল কাপুৰে নগাঁৱত জুতি ল’লে অসমীয়া খাদ্যৰ । যোৱা ১৭ ডিচেম্বৰত নগাঁৱৰ ৰিফ্ৰেচক’ ৰিজৰ্টত অনিল কাপুৰে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে। নিৰাপত্তাজনিত কাৰণতে সমগ্ৰ বিষয়টো অতি গোপনে ৰখা হ’ল।
উল্লেখ্য যে গুৱাহাটীৰ পৰা তেওঁ কাজিৰঙা আৰু তেজপুৰত ছবিৰ ছুটিঙৰ বাবে উপস্থিত হয় ৷ নগাঁৱৰ ৰিফ্ৰেছক’ ৰিজৰ্টত প্ৰায় ডেৰ ঘণ্টা তেওঁ সময় কটায় ৷ ৰিজৰ্টখনৰ কৰ্তৃপক্ষই ওপৰৰ মহলাটো সম্পূৰ্ণভাৱে অভিনেতাগৰাকীৰ বাবে সংৰক্ষণ কৰি ৰাখে ৷ অভিনেতা অনিল কাপুৰে ৰিফ্ৰেছক’ত আহাৰ গ্ৰহণ কৰাৰ সময়ত বহু লোকে তলৰ মহলাত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ আহিছিল। কিন্তু কোনেও অনিল কাপুৰ সেই সময়ত তাত উপস্থিত থকাৰ বিষয়ে গম নাপালে। অসামৰিক পোছাকত থকা নগাঁও আৰক্ষীৰ ২০জন জোৱানে অভিনেতাগৰাকীৰ নিৰাপত্তাৰ দিশটোৰ ওপৰত নজৰ ৰাখে।
জানিব পৰা মতে, অনিল কাপুৰে ৰিফ্ৰেছক’ ৰিজৰ্টত থকা অপেৰা চিনেমাত এনিমেল ছবিৰ প্ৰতি অসমীয়া দৰ্শকৰ আগ্ৰহৰ কথাও ৰিজৰ্টখনৰ কৰ্মচাৰীক সোধা পোচা কৰে । খাদ্য গ্ৰহণৰ পাছতে অনিল কাপুৰ কাজিৰঙালৈ ওভতি যায় ৷ অনিল কাপুৰৰ লগতে উভতি যায় কাজিৰঙালৈ ছবিৰ ছুটিঙৰ বাবে অহা বলিউডৰ কলা-কুশলীৰ দলটো। ১৯ ডিচেম্বৰত অসমৰ পৰা অনিল কাপুৰ উভতি যোৱাৰ পিছতে ৰিফ্ৰেছক’ই তেওঁলোকৰ ফেচবুক পেজৰ জৰিয়তে অনিল কাপুৰৰ আলোকচিত্ৰসমূহ প্ৰকাশ কৰিছে ৷