লোকসভা নির্বাচনৰ পূর্বে অসমলৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী। প্ৰাপ্ত তথ্য অনুসৰি ভাৰত ন্যায় যাত্ৰাৰ সময়তে কংগ্ৰেছে অসম ভ্ৰমণ কৰিব ৷ অহা ১৪ জানুৱাৰীৰ পৰা ৰাহুল গান্ধীয়ে মণিপুৰৰ পৰা ভাৰত ন্যায় যাত্ৰা আৰম্ভ কৰিব । ৰাহুল গান্ধীৰ এই যাত্ৰা অসমত অহা ১৭ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব ।
অসম প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ সূত্ৰই সদৰী কৰা মতে, মণিপুৰৰ পৰা নাগালেণ্ড হৈ ৰাহুল গান্ধীৰ এই যাত্ৰাই ১৭ জানুৱাৰীত প্ৰৱেশ কৰিব আমগুৰিত। তাৰ পৰাই প্ৰথমে উজনি অসমৰ আটাইকেইটা লোকসভা সমষ্টিক স্পৰ্শ কৰিব ৷ ইয়াৰ পাছতে এই যাত্ৰাই প্ৰৱেশ কৰিব সত্ৰনগৰী তথা নদী দ্বীপ মাজুলীত।
ভাৰত ন্যায় যাত্ৰাই অসমত কাজিৰঙা সমষ্টিৰ উপৰিও নগাওঁ, শোণিতপুৰ আদি সমষ্টিও সামৰি ল’ব । তাৰ পৰা লখিমপুৰ সমষ্টি হৈ প্ৰৱেশ কৰিব অৰুণাচলত। অৰুণাচলত ভাৰত ন্যায় যাত্ৰা সামৰি পুনৰ অসমত প্ৰৱেশ কৰি নামনি অসমৰ আটাইকেইটা সমষ্টিকে স্পৰ্শ কৰিব এই যাত্ৰাই ।
অৱশ্যে অসমত ৰাহুল গান্ধীৰ ভাৰত ন্যায় যাত্ৰাৰ এই কাৰ্যসূচী এতিয়ালৈকে চূড়ান্ত হোৱা নাই। তথাপিও কংগ্ৰেছ নেতাগৰাকীয়ে ১৪ টা সমষ্টিকেই স্পৰ্শ কৰিব সেয়া প্ৰায় নিশ্চিত।