পুনৰ উৎকোচ লৈ হাত দাঙিলে আন এজন আৰক্ষী বিষয়াই। উৎকোচ লোৱাৰ সময়তে হাতেলোটে ধৰা পৰে ৰঙিয়া আৰক্ষী থানাৰ উপ পৰিদৰ্শক ইবোতম্বি সিং ৷ এটা গোচৰত সাক্ষী দিয়াৰ নামত ভ্ৰমণ আৰু অন্যান্য খৰচৰ বাবদ ধন দাবী কৰিছিল আৰক্ষী বিষয়াজনে ৷ প্ৰথমে তেওঁ লোকজনক ১০ হেজাৰ টকা দাবী কৰে যদিও পৰৱর্তী সময়ত ৫,৫০০ টকাত মান্তি হয় ৷ কিন্তু লোকজনে এই ধন দিয়াৰ পৰিৱর্তে দুর্নীতি নিবাৰকৰ কাষ চাপে ৷
ইয়াৰ ভিত্তিত অভিযান চলায় দুর্নীতি নিবাৰকে ৫ হেজাৰ টকা উৎকোচ লোৱাৰ সময়ত উপ পৰিদর্শকজনক গ্ৰেপ্তাৰ কৰে ৷ অৱসৰলৈ আৰু মাত্ৰ ২ বছৰ বাকী আছিল এছ আই সিঙৰ।তেওঁৰ বিৰুদ্ধে দুর্নীতি নিবাৰকে ৪/২০২৪ নম্বৰ গোচৰ ৰুজু কৰিছে ৷