গোলাঘাটৰ দেৰগাঁৱত ৩ জানুৱাৰীত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাত আহত চাৰি জন লোকক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল(জিএমচিএইচ)ত ভৰ্তি কৰোৱা হৈছে। বুধবাৰে নিশাই গুৰুতৰভাৱে আহত মৃদুল শইকীয়া, অৰূপ শইকীয়া, কুলুমণি শইকীয়া আৰু প্ৰীতি শইকীয়াক শইকীয়াক জিএমচিএইচত ভৰ্তি কৰোৱা হৈছে । নিশা প্ৰায় ১ বজাত তেওঁলোকক ভৰ্তি কৰোৱা হয় জিএমচিএইচত ৷
কুলুমণি শইকীয়া আৰু মৃদুল শইকীয়াক নিউৰ’লজী, কাৰ্ডিঅ’লজী বিভাগত ভৰ্তি কৰোৱা হয়। জানিব পৰা মতে, কুলুমণি শইকীয়াৰ স্বামী নৱজিৎ শইকীয়াৰ ইতিমধ্যে মৃত্যু হৈছে। কুলুমণিৰ বুকুৰ ৬ডাল কামিহাড় ভাঙিছে। কুলুমণিৰ জীয়ৰী প্ৰীতি শইকীয়াক প্ৰয়োজন হ’ব প্লাষ্টিক ছাৰ্জাৰীৰ। ইফালে, মৃদুল শইকীয়াৰ দুয়োখন ভৰি আৰু বাওঁ হাতৰ লগতে বুকুৰ হাড় ভাঙিছে বুলি চিকিৎসকে সদৰী কৰিছে ৷ মূৰতো তেওঁ গুৰুতৰ আঘাত পাইছে । আনহাতে, যোৰহাট মেডিকেল কলেজ হাস্পতালত এতিয়াও চিকিৎসাধীন হৈ আছে ২৭জন লোক। ইয়াৰে ৩জনক আইচিইউত ৰখা হৈছে।
বুধবাৰে দেৰগাঁৱত সংঘটিত হৈছিল ভয়ংকৰ দুৰ্ঘটনা। ট্ৰাক আৰু বনভোজলৈ যোৱা বাছৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত ১২জন লোকৰ মৃত্যু হৈছিল। এই ঘটনাই শোকস্তব্ধ কৰি তুলিছে সমগ্ৰ ৰাজ্যবাসীক। গোলাঘাটৰ আঠখেলীয়াৰ বচা ভৰলুৱা গাঁৱত বুধবাৰে সন্ধিয়া একেলগে মৃতলোকসকলৰ শেষকৃত্য সম্পন্ন কৰা হয় ৷ সমগ্ৰ গাঁওখনত এতিয়া এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।