”নগাঁও কাগজ কলৰ কৰ্মচাৰীক ১৫ দিনৰ ভিতৰত আবাস খালী কৰিবলৈ দিয়া নিৰ্দেশ কোনোপধ্যে গ্ৰহণযোগ্য হ’ব নোৱাৰে আৰু ৫৬ মাহ দৰমহা নোপোৱা কৰ্মচাৰীয়ে অভাৱত পৰি বিনা চিকিৎসাৰে মৃত্যুক আকোৱালি লোৱাৰ গুৰুতৰ অভিযোগ নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ।”
সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা এক সংবাদমেলত কংগ্ৰেছৰ সাংসদ গৰাকীয়ে কয় যে, যোৱা ৫৮ মাহ ধৰি কাছাৰ কাগজ কলৰ কৰ্মচাৰীয়ে দৰমহা পোৱা নাই। একেদৰে নগাঁও কাগজ কলৰ কৰ্মচাৰীয়ে ৫৬ মাহ ধৰি দৰমহা পোৱা নাই। তেনে অৱস্থাতো আকৌ চৰকাৰে কৰ্মচাৰী সকলক আবাস খালী কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে।যিটো কোনোপধ্যে গ্ৰহণ যোগ্য হ’ব নোৱাৰে।
তেনেক্ষেত্ৰত বি জে পি চৰকাৰৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে সাংসদ গৰাকীয়ে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰ খনক পুঁজিপতিৰ চৰকাৰ আখ্যা দি সাংসদ গৰাকীয়ে এইবুলিও কয় যে নিৰ্বাচনৰ সময়তে হওক বা অন্য সময়তে হওক বি জে পি চৰকাৰখনে সদায় পুঁজিপতিৰ স্বাৰ্থ পূৰণ কৰি আহিছে।যিহেতু বিভিন্ন সময়ত এই চৰকাৰ খনক পুঁজিপতি সকলে বুজন পৰিমাণৰ ধন প্ৰদান কৰি আহিছে।
বিশেষকৈ ২০১৪ চনত প্ৰধানমন্ত্ৰীৰ আসনত বহিয়েই মোডীয়ে প্ৰণালীবদ্ধভাৱে ৰাজহুৱা খণ্ডত নিৰ্বিনিয়োজন প্ৰক্ৰিয়া আৰম্ভ কৰিছিল।২০১৫ চনত কাছাৰৰ পাঁচগ্ৰাম কাগজকল বন্ধ হোৱাৰ পিছতেই ২০১৭ চনত নগাঁও কাগজকল বন্ধ হয়।এইদৰে এটাৰ পিছত এটাকৈ সকলো ৰাজহুৱা খণ্ডৰ উদ্যোগ-প্ৰতিষ্ঠান পানীৰ দৰত পুঁজিপতিৰ হাতত তুলি দিয়া হৈছে।
দুয়োটা কাগজকলৰ কৰ্মচাৰীয়ে মাহৰ পিছত মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ আছে। তেনে সময়তে আকৌ আবাস খালী কৰিবলৈ দিয়া নিৰ্দেশক কোনোপধ্যে মানি লোৱা নহ’ব বুলিও উল্লেখ কৰে সাংসদ গৰাকীয়ে।
পৰিতাপৰ কথা যে এই সময়ছোৱাত চিকিৎসাৰ পৰা বঞ্চিত হৈ দুয়োটা কাগজ কলৰ মুঠ ৯৩ গৰাকী কৰ্মচাৰীয়ে অকালতে মৃত্যুক সাবটি ল’বলগীয়া হৈছে। ইয়াৰোপৰি সাংসদ গৰাকীয়ে পাঁচগ্ৰাম কাগজকলৰ ভূমিত থকা তৈলখাদ কি চুক্তিত ব্যক্তিগত খণ্ডত হাতত তুলিব বিচাৰিছে তাৰ স্পষ্ট উত্তৰ বিচাৰে।যিহেতু যিকোনো ৰাজহুৱা সম্পত্তি ব্যক্তিগত খণ্ডৰ হাতত গতোৱা বন্ধ কৰিবলৈ আৰু এইক্ষেত্ৰত হোৱা চুক্তি স্পষ্ট কৰিবলৈ দাবী জনায়।ইয়াৰলগতে শান্তি চুক্তিৰ নামত বি টি আৰ চুক্তি,কাৰ্বি আংলং চুক্তি আজিলৈ কাৰ্যকৰী কৰা নহ’ল বুলিও উল্লেখ কৰে সাংসদ গৰাকীয়ে।