ডিমা হাছাওত পুনৰ ফুলিল পদুম ৷ কংগ্ৰেছ শূন্য তথা বিৰোধী মুক্ত হ’ল উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ ৷ শুকুৰবাৰে ঘোষিত ফলাফল অনুসৰি স্বায়ত্ব শাসিত পৰিষদখনৰ মুঠ ২৮ খন আসনৰ ভিতৰত ২৫ খন আসনতেই বিজেপিয়ে জয়লাভ কৰিছে ৷ আন ৩ টা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিছে।
পৰিষদখনৰ নিৰ্বাচনত তৃণমূল কংগ্ৰেছ আৰু আম আদমি পাৰ্টীয়েও প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল যদিও দল দুটাৰ এজনো প্ৰাৰ্থীয়ে বিজয়ৰ মুখ নেদেখিলে। পৰিষদখনৰ শক্তিশালী প্ৰাৰ্থী তথা প্ৰাক্তন মুখ্য কাৰ্যবাহী দেবোলাল গাৰ্লোচনাই দিহাংগী সমষ্টিৰ পৰা বিপুল ভোটত বিজয় লাভ কৰে ৷
একেদৰে হাতীখালি সমষ্টিৰ পৰা বিজয়ী হৈছে নিৰঞ্জন হোজাই। পৰিষদখনৰ অন্যতম এটা চৰ্চিত সমষ্টি চেমখৰত অৱশ্যে পৰাজিত হয় বিজেপিৰ দ্বাৰা প্ৰক্ষেপিত ৰানু লাংথাচা। তেওঁক পৰাস্ত কৰি নিৰ্দলীয় প্ৰাৰ্থী হেৰজিত জিডোং বিজয়ী হৈছে।
বিজেপি প্ৰাৰ্থী পৰাস্ত হোৱা আন দুটা সমষ্টি হৈছে দিহামলাই আৰু দলং। এই দুয়োটা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী ৰাংগালুংবে জেমি আৰু জন পাইতঙে বিজয় সাব্যস্ত কৰিছে।