বৃহস্পতিবাৰৰ পৰা অসমত আৰম্ভ হ’ব কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’। কাইলৈ নাগালেণ্ড পৰা ৰাজ্যৰ আমগুৰিত প্ৰৱেশ কৰিব এই যাত্ৰাই। আমগুৰিৰ পৰা মৰিয়নি, যোৰহাট হৈ ১৯ জানুৱাৰীত মাজুলীত প্ৰৱেশ কৰিব ৰাহুল গান্ধীৰ এই যাত্ৰাই। ১৯ জানুৱাৰীত মাজুলীত দিনটো কটোৱাৰ লগতে কেইবা গৰাকী সত্ৰাধিকাৰৰ সৈতে মত বিনিময় কৰিব কংগ্ৰেছ নেতাজনে ৷ ইয়াৰ পাছতে , ঢকুৱাখনা হৈ গোগামুখত উপস্থিত হ’ব আৰু তাতেই নিশা কটাব কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে।
ইতিমধ্যে ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ৰ বাবে সাজু হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটী। মাজুলীত ইতিমধ্যে বাহৰ পাতিছে অসম কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই।
ইফালে, ৰাহুলৰ ন্যায় যাত্ৰাৰ বাবে মাজুলীলৈ চৰকাৰে ফেৰীৰ অনুমতি নিদিয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ সাং প্ৰদ্যুৎ বৰদলৈ ৷ তেওঁ কয় -‘‘মাজুলীলৈ চৰকাৰে ফেৰী নিদিলে, ৰাহুল গান্ধী নাৱেৰে যাব ৰাহুল গান্ধীৰ জনসভাত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে চৰকাৰে। মহিলাসকলক বিভিন্ন আঁচনিৰ লোভ দি প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব বিচাৰিছে ৷ “
১৭দিন অসমৰ বিভিন্ন প্ৰান্তত থকাৰ অন্তত ২৫ জানুৱাৰীত বঙাইগাঁও, ধুবুৰী-বক্সিৰহাট হৈ পশ্চিম বংগত প্ৰৱেশ কৰিব ৰাহুল গান্ধীৰ ‘‘ভাৰত জোড়ো ন্যায় যাত্ৰা’’ই।যোৱা ১৪ জানুৱাৰীত মণিপুৰৰ পৰা আৰম্ভ হৈছে ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’।