২ ফেব্ৰুৱাৰীত ৰাজ্যৰ ছবিগৃহত মুক্তি পাব নতুন অসমীয়া ছবি “সত্যঃ THE TRUTH” ৷ এটা ব্যতিক্ৰমী কাহিনীৰে নিৰ্মিত হৈছে অসমীয়া ছবিখন ৷ পুৰুষ সমকামিতাৰ কাহিনীৰ আধাৰত চিটি প্ৰডাকচনৰ বেনাৰত পৰিচালক ৰূপজ্যোতি বৰঠাকুৰে নিৰ্মাণ কৰিছে নতুন অসমীয়া ছবিখন ৷
এই ছবিখন ২ ফেব্ৰুৱাৰীত অসমৰ সকলো ছবিগৃহত মুক্তি লাভ কৰিব৷ বৃহস্পতিবাৰে বেলতলাস্থিত মেট্ৰিক্স চিনেমা গৃহত অনুষ্ঠিত হয় ছবিখনৰ প্ৰিমিয়াৰ শ্ব’৷ ‘চিটি প্ৰডাকচন’ৰ বেনাৰত নিৰ্মাণ কৰা ছবিখনৰ পৰিকল্পনা চন্দন তালুকদাৰৰ, প্ৰযোজনা তিলোত্তমা তালুকদাৰ, পৰিচালনা কৰিছে ৰূপজ্যোতি বৰঠাকুৰে আৰু কাহিনী উৎপল উপমান্যৰ। ছবিখনৰ সংগীত পৰিচালনা কৰিছে দিগন্ত ভাৰতী আৰু তৰালী শৰ্মাই ,গীতৰ কথা প্ৰশান্ত বৰদলৈ, তৰালী শৰ্মা আৰু ঝুনা কংকন ভূঞাৰ । গীতসমূহত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, অৰুন্ধতী ভানুপ্ৰিয়া আৰু অনুৰাগ বৰুৱাই । নৃত্য পৰিচালনা কৰিছে অভিজিৎ বৰাই ।
চিনেমাখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা উৎপল দাস আৰু নৱাগত অভিনেতা ৰাকেশ বৰুৱাই। ইয়াৰোপৰি চিনেমাখনত অভিনয় কৰিছে উদয়ন দুৱৰা, ডৰথী ভৰদ্বাজ, মহেশ বৰা, সুমন দাস আদিকে ধৰি বহুকেইগৰাকী ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ।
ছবিখন ইতিমধ্যে ভাৰতীয় পেনোৰামাৰ জয়পুৰ আন্তৰাষ্ট্ৰীয় চলচিত্র মহোৎসৱলৈ প্ৰতিযোগিতামূলক বোলছবি শিতানত মনোনীত হৈছে ছবিখন। হিতেন ঠাকুৰীয়াই চিত্রগ্ৰহণ কৰা এই ছবিখনৰ সম্পাদনা কৰিছে সঞ্জীৱ বৰঠাকুৰে আৰু শব্দ সংযোজন আৰু সংমিশ্রণ কৰিছে অমৃত প্ৰীতমে।