‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ৰ অংশ হিচাপে আজি মাজুলীত উপস্থিত হয় কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী।পুৱাই মাজুলীৰ অফলামুখ ঘাট হৈ মাজুলীত উপস্থিত হয় ৰাহুল গান্ধী ৷
মাজুলীৰ আউনীআটি সত্ৰত আশএএষ লোৱাৰ লগতে সত্ৰাধিকাৰৰ সৈতে মত-বিনিময় কৰে কংগ্ৰেছ নেতাগৰাকীয়ে । মত-বিনিময়ৰ সময়তে ৰাহুল গান্ধী, কংগ্ৰেছ নেতা-কৰ্মীৰ লগে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে এটি কণমানিয়ে। দেৱাশীষে চুতীয়া নামৰ এটি কণমানিয়ে আউনীআটি সত্ৰত ৰাহুল গান্ধীৰ সন্মুখত ভাওনা প্ৰদর্শন কৰে ৷
কণমানি দেৱাশীষে ৰাহুল গান্ধী তথা সকলোৰে সন্মুখত নাচি দেখুৱালে প্ৰৱেশ নাচ। কণমানিটিৰ নাচত মোহিত হৈ পৰিল কংগ্ৰেছ যুৱৰাজ। শিশুটিৰ নাচ উপভোগৰ পিছত ৰাহুল গান্ধীয়ে কোলাত বহুৱাই কণমানিটোক গামোচা পিন্ধাই মৰম যাচে ৷
আউনীআটি সত্ৰত কংগ্ৰেছৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ৰ সময়ত উপস্থিত আছিল অসম প্ৰদেশৰ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ প্ৰদ্যুৎ বৰদলৈ, সাংসদ গৌৰৱ গগৈকে ধৰি বহুসংখ্যক জ্যেষ্ঠ নেতা ৷ মাজুলীতে ৰাহুল গান্ধীয়ে এখন জনসভাতো অংশগ্ৰহণ কৰে ৷