কাইলৈ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান ৷ সমগ্ৰ দেশবাসীয়ে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে সেই ক্ষণলৈ ৷ ইয়াৰ প্ৰাকমুহুর্ত্তত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই অসমবাসীলৈ কেইবাটায়ো আহ্বান জনাইছে ৷
ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে কাইলৈ সকলো শিক্ষানুষ্ঠান সম্পূর্ণৰূপে বন্ধ থাকিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ৷ অৱশ্যে চৰকাৰী কার্যালয়সমূহ ২ বজালৈহে বন্ধ থাকিব বুলি তেওঁ উল্লেখ কৰে ৷ সমান্তৰালভাৱে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ সময়ত বন্ধ ৰাখিবলৈ তেওঁ আহ্বান জনাইছে ৷ যাতে কর্মচাৰীসকলে ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ সেই মুহুর্ত উপভোগ কৰিব পাৰে ৷ লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে সকলোকে নিজৰ নিজৰ ঘৰৰ সন্মুখত এগচি বন্তি জ্বলাবলৈ আহ্বান জনাইছে ৷
আই-মাতৃসকলক ৰামলালা প্ৰতিষ্ঠা হোৱাৰ পিছত গধূলি নামঘৰত নাম-কীৰ্তনৰ ব্যৱস্থা কৰাৰো আহ্বান জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয়, ‘‘এয়া কেৱল হিন্দুৰ বিজয় নহয়, ভাৰতীয় সভ্যতাৰ বিজয়। সেয়েহে জাতি-ধৰ্ম নিৰ্বিশেষে দিনটো পালন কৰাৰ আহ্বান জনাইছো।’’
সাম্প্ৰদায়িক শান্তি-সম্প্ৰীতি ৰক্ষা কৰাৰ স্বাৰ্থত স্পৰ্শকাতৰ অঞ্চলত আৰক্ষীৰ তহলৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ দিয়া হৈছে উপায়ুক্তসকলক।
কাইলৈ বিয়লি ৪ বজালৈ মাছ-মাংসৰ দোকান বন্ধৰ ৰখাৰ নিৰ্দেশ। ৪ বজাৰ পিছত খুলিব পাৰিব দোকান। কালিৰ দিনটো প্ৰাণ প্ৰতিষ্ঠাৰ মুহূৰ্তলৈকে অসমবাসীক উপবাসে থকাৰ বাবেও আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে। ৰেষ্টুৰেণ্টসমূহতো ২ বজালৈ নিৰামিষ খাদ্য যোগান ধৰাৰ আহ্বান। কাইলৈ ৰাজ্যজুৰি থাকিব ড্ৰাই ডে।